ETV Bharat / bharat

Prashant Kishors Jan Suraj campaign: প্ৰশান্ত কিশোৰৰ জন সূৰয অভিযানত যোগদান ৬ প্ৰাক্তন আমোলাৰ

প্ৰশান্ত কিশোৰৰ জন সূৰয যাত্ৰাই মঙলবাৰে এক নতুন গতি লাভ কৰে (Prashant Kishors Jan Suraj campaign in Bihar) । বিহাৰৰ ছয়জনকৈ প্ৰাক্তন আমোলাই এই জন সূৰয অভিযানত অংশগ্ৰহণৰ কথা ঘোষণা কৰে । বিহাৰৰ পৰৱৰ্তী ৰাজনৈতিক প্ৰেক্ষাপটত ইয়াক এক নতুন ইংগিত হিচাপে দেখা গৈছে ।

author img

By

Published : May 2, 2023, 10:11 PM IST

Prashant Kishors Jan Suraj campaign
Prashant Kishors Jan Suraj campaign

নিউজ ডেস্ক, ২ মে' : বিহাৰৰ নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ (Poll strategist Prashant Kishor) জন সূৰযে লাভ কৰিছে আন এক মাত্ৰা (Prashant Kishors Jan Suraj in Bihar) । মঙলবাৰে ছয়জন অৱসৰপ্ৰাপ্ত আমোলাই ভোট কৌশলীগৰাকীৰ সংগঠনটোত যোগদান কৰে । আটাইকেইজন অৱসৰপ্ৰাপ্ত আইএএছ বিষয়াই জন সূৰযৰ পাটনা কাৰ্যালয়লৈ গৈ সংগঠনটোত যোগদান কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে ।

লগতে অৱসৰপ্ৰাপ্ত আমোলাসকলে মত প্ৰকাশ কৰে যে তেওঁলোক প্ৰশান্ত কিশোৰৰ নিষ্ঠা আৰু ৰাজ্যখনত সুশাসনৰ বাবে মানুহৰ মতামত বিচাৰি প্ৰভাৱিত হৈছিল । সেয়েহে তেওঁলোকে জন সূৰযৰ সামাজিক সংস্কাৰ অভিযানৰ অংশ হ'বলৈ সিদ্ধান্ত লৈছে (Six retired bureaucrats joined Jan Suraj) । সংগঠনটোত নতুনকৈ প্ৰৱেশ কৰা প্ৰাক্তন আমোলাসকলে এনেদৰে কয় ।

প্ৰাক্তন আইএএছ বিষয়া অজয় কুমাৰ দ্বিবেদীয়ে জন সূৰয অভিযানত যোগদান কৰাৰ পিছত কয়, "বৰ্তমান আমি প্ৰশান্ত কিশোৰৰ নেতৃত্বত পদযাত্ৰা হাতত লৈছোঁ । পদযাত্ৰাৰ সময়ত আমি সঠিক প্ৰাৰ্থী বাছনি কৰিবলৈ মানুহৰ মাজত সজাগতা সৃষ্টি কৰি আছোঁ । একে সময়তে, জনসাধাৰণৰ প্ৰচাৰ কাৰ্যসূচীৰ সময়ত এখন ডকুমেণ্ট প্ৰস্তুত কৰা হৈছে । আমাৰ দলৰ ইস্তাহাৰ এই ভিজন ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হ'ব । পদযাত্ৰা সম্পূৰ্ণ হোৱাৰ পিছত এটা ৰাজনৈতিক দল গঠনৰ বাবে আমাৰ পৰৱৰ্তী পদক্ষেপ ডকুমেণ্টখনৰ ওপৰত ভিত্তি কৰি লোৱা হ'ব । কিন্তু পৰৱৰ্তী পৰ্যায়তহে এইটো হ'ব । বৰ্তমান সময়ত আমি সমমানসিকতাৰ লোকসকলক এটা ছাতিৰ তললৈ অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ (6 former IAS joined Jan Suraj in Bihar) ।"

জন সূৰয অভিযানত যোগদানৰ উদ্দেশ্য ব্যাখ্যা কৰি এজন অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া সুৰেশ কুমাৰ শৰ্মাই কয়, "যুৱসকল শক্তি আৰু নতুন ধাৰণাৰে পৰিপূৰ্ণ । যেতিয়া মই ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নেতৃত্ব দি আছিলোঁ তেতিয়া আমি তেওঁলোকৰ পৰা বহুতো কথা শিকাৰ সুযোগ পাইছিলোঁ । এটা বিভাগৰ যুৱ কৰ্মচাৰীসকল বহু অভিনৱ আছিল । একেদৰে প্ৰশান্ত কিশোৰৰ জন সূৰয অভিযানে সমাজক এক নতুন বাৰ্তা প্ৰদান কৰি আহিছে । বিহাৰে ৰাজনৈতিক নেতা বা আমোলাসকলৰ সহায়ত অগ্ৰগতি লাভ নকৰে । কিন্তু শাসনত মানুহৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজন ।"

বিহাৰত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাৰ বাবে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰক প্ৰশংসা কৰি প্ৰাক্তন আইএএছ বিষয়া লালন সিং যাদৱে কয়, "এই জন সূৰয অভিযানৰ মূলমন্ত্ৰ হৈছে সঠিক ব্যক্তি (বিধায়ক বা সাংসদ) বাছনি কৰা । যদি বিধায়ক বা সাংসদে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পূৰণ নকৰে, তেন্তে তেওঁক দ্বিতীয়বাৰৰ বাবে বাছনি নকৰিব । আমি সেই দিশত কাম কৰি আছোঁ ।"

লগতে পঢ়ক :Raghav Chadha on ED Charge Sheet: ইডিৰ কোনো অভিযোগনামাত ৰাঘৱ চাড্ডাৰ নাম নাই, ভুল বাতৰি প্ৰচাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.