ETV Bharat / bharat

অক্সিজেনৰ নাটনিৰ বাবে পঞ্জাৱত ৬ গৰাকী ৰোগীৰ মৃত্যু - অক্সিজেনৰ নাটনিৰ বাবে পঞ্জাৱত ৬ গৰাকী ৰোগীৰ মৃত্যু

শনিবাৰে পুৱতি নিশা পঞ্জাৱৰ অমৃতসৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত অক্সিজেনৰ অভাৱৰ বাবে ৫ গৰাকী ক'ভিড ৰোগীসহ মুঠ ৬ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে । হাস্পতাল কৰ্তৃপক্ষৰ অভিযোগ অনুসৰি অক্সিজেনৰ নাটনি প্ৰথমে চৰকাৰী হাস্পতালসমূহৰ পূৰণ কৰাৰ পাচতহে ব্যক্তিগত হাস্পতালৰ চাহিদা পূৰণ কৰা হ'ব বুলি স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই তেওঁলোকক জানিবলৈ দিছিল ৷

Six patients in Punjab die due to oxygen crisis
অক্সিজেনৰ নাটনিৰ বাবে পাঞ্জাৱত ৬ গৰাকী ৰোগীৰ মৃত্যু
author img

By

Published : Apr 24, 2021, 2:25 PM IST

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: কৰ'ণাৰ দ্বিতীয় ঢৌৱে দেশক জুৰুলা কৰাৰ সময়তে অক্সিজেনৰ নাটনিয়ে আন এক সমস্যাৰ সৃষ্টি কৰিছে । বহু কেইখন ৰাজ্যই ইতিমধ্যে অক্সিজেন নাটনিৰ ইংগিত দিছে । কিছুমান ঠাইত আকৌ অক্সিজেনৰ অভাৱত কৰ'ণা ৰোগীৰ মৃত্যু হোৱাৰো খবৰ আহিছে ।

এইবাৰ পঞ্জাৱৰ অমৃতসৰৰ পৰাও অনুৰূপ খবৰ আহিছে । শনিবাৰে পুৱতি নিশা পঞ্জাৱৰ অমৃতসৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত অক্সিজেনৰ অভাৱৰ বাবে ৫ গৰাকী ক'ভিড ৰোগীসহ মুঠ ৬ গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ভুক্তভোগী পৰিয়ালৰ সদস্যসকলৰ অভিযোগ মতে, নীলকণ্ঠ মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত ভেণ্টিলেটৰলৈ কোনো অক্সিজেন যোৱা নাছিল নাছিল যাৰ ফলত তেওঁলোকৰ মৃত্যু হৈছে । শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত গুৰুদেৱ সিং নামৰ ২৮ বছৰীয়া যুৱক এজনৰো মৃত্যু হয় । তেওঁৰ ভাতৃৰ অভিযোগ গুৰুদেৱৰ অৱস্থা ভালেই আছিল কিন্তু অক্সিজেনৰ অভাৱৰ বাবে তেওঁৰ মৃত্যু হৈছে । তেওঁ কয় যে, শুকুৰবাৰে নিশা চৰকাৰৰ পৰা অক্সিজেন যোগান কম হৈ আছে সেয়ে তেওঁলোকে ইয়াৰ ব্যৱস্থা কৰা উচিত বুলি হাস্পতাল কৰ্তৃপক্ষই পৰিয়ালটোক জানিবলৈ দিছিল ৷

হাস্পতালখনৰ এগৰাকী চিকিৎসকৰ মতে অক্সিজেন নাটনিৰ কথা জিলা প্ৰশাসনক বহুবাৰ অৱগত কৰা হৈছিল । আনহাতে স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই তেওঁলোকক কৈছিল যে অক্সিজনেৰ নাটনি প্ৰথমে চৰকাৰী হাস্পতালসমূহৰ পূৰণ কৰা হ'ব তাৰ পাচতহে ব্যক্তিগত হাস্পতালৰ চাহিদা পূৰণ কৰা হ'ব ।

লগতে পঢ়ক:উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নথালপতি ভেংকটৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.