নিউজ ডেস্ক, 18 এপ্ৰিল: মধ্য প্ৰদেশৰ শ্বেহডোলস্থিত শ্বেহডোল চিকিৎসা মহাবিদ্যালয়ত যোৱা নিশা অক্সিজেনৰ অভাৱত 6 গৰাকী ৰোগীৰ মৃত্যু হয় ৷ এই ঘটনাৰ পাছতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷ উল্লেখ্য যে, মেডিকেল কলেজখনত কৰ’ণা ৰোগীৰ চিকিৎসা চলি আছিল ৷ য‘ত বিভিন্ন অঞ্চলৰ পৰা ৰোগী আহিছিল ৷
এই সম্পূৰ্ণ ঘটনা সন্দৰ্ভত শ্বেহডোল মেডিকেল কলেজৰ ডীন মিলিন্দ ছিৰালকৰে কয় যে. মেডিকেল কলেজত অক্সিজেনৰ যোগান লিকুইড প্ৰেচাৰ ট্ৰেকৰ দ্বাৰা হয় ৷ য’ত বৈদ্যুতিক প্ৰণালীৰে স্বয়ংক্ৰিয় ট্ৰেকেৰে পোনপেটীয়া অক্সিজেন যোগান ধৰা হয় ৷ মেডিকেল কলেজত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাত উক্ত ট্ৰেকত চাপ কমি যায় ৷
ছিৰালকৰে লগতে জানিবলৈ দিয়ে যে, যোৱা নিশা ছয়গৰাকী লোকৰ মৃত্যু হয় আৰু আটাইকেইগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগী আছিল ৷ ৰোগী কেইজন আইচিইউত ভৰ্তি হৈ আছিল আৰু তেওঁলোকৰ চিকিৎসা চলি আছিল ৷ কিন্তু অক্সিজেনৰ অভাৱত তেওঁলোকৰ মৃত্যু ঘটে ৷
ইফালে মেডিকেল কলেজখনৰ কৰ্তৃপক্ষই অক্সিজেনৰ অভাৱত 6 গৰাকী ৰোগীৰ মৃত্যু হৈছে বুলি কোৱাৰ বিপৰীতে শ্বেহডোল চিকিৎসা মহাবিদ্যালয়ৰ উচ্চায়ুক্তই এই ঘটনাত 12 গৰাকী ৰোগীৰ মৃত্য হোৱা বুলি দাবী কৰিছে ৷
উল্লেখ্য যে. মধ্য প্ৰদেশত শনিবাৰে 11269 গৰাকী নতুনকৈ কৰ‘ণাত আক্ৰান্ত ধৰা পৰিছে ৷ এই পৰ্যন্ত ৰাজ্যখনত মুঠ কৰ‘ণাত আক্ৰান্তৰ সংখ্যা 3,95,832 লৈ বৃদ্ধি হৈছে ৷ ৰাজ্যখনত কেৱল শনিবাৰৰ দিনটোতে 66 গৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ৷ ইয়াৰ লগে লগে ৰাজ্যখনত বৰ্তমানলৈকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 4,491 লৈ বৃদ্ধি হৈছে ৷
লগতে পঢ়ক: পশ্চিমবংগত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ