ETV Bharat / bharat

কেইবাটাও বিভাগৰ সৈতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰ্যালোচনা বৈঠক

সোমবাৰে শক্তি মন্ত্ৰালয়, কয়লা মন্ত্ৰালয় আৰু পাৰমাণৱিক শক্তি বিভাগৰ সৈতে কেন্দ্ৰীয় বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰ্যালোচনা বৈঠক । নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত শক্তি, কয়লা, পাৰমাণৱিক শক্তি বিভাগত মূলধনৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয় ।

author img

By

Published : Nov 2, 2021, 2:05 PM IST

Nirmala Sitharaman chaired review meeting
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰ্যালোচনা বৈঠক

নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ : ক'ভিডসৃষ্ট পৰিস্থিতিয়ে বিগত বৰ্ষৰ পৰাই দেশৰ অৰ্থনীতিত মোক্ষম আঘাত হানি অহাৰ সময়তে কেইবাটাও খণ্ডত মূলধন ব্যয় বৃদ্ধিৰ পৰিকল্পনা কৰিছে বিত্ত মন্ত্ৰালয়ে । সোমবাৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্প'ৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে(Nirmala Sitharaman) এক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে ।

মূলধন ব্যয় আৰু আন্তঃগাঁথনিৰ উন্নয়ন বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আয়োজিত এই বৈঠকত শক্তি মন্ত্ৰালয়, কয়লা মন্ত্ৰালয় আৰু পাৰমাণৱিক শক্তি বিভাগৰ সচিব আৰু শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে । আন্তঃগাঁথনি ব্যয়ৰ ক্ষেত্ৰত বিত্ত মন্ত্ৰীগৰাকীয়ে তীক্ষ্ণ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু প্ৰকল্প ৰূপায়ণ দ্ৰুত গতিত সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো ৰাজ্যৰ সৈতে সমন্বয় বৃদ্ধি কৰিবলৈ বিভাগসমূহক নিৰ্দেশ দিয়ে ।

বিত্ত মন্ত্ৰালয়ৰ তৰফৰ পৰা জনোৱা মতে, প্ৰথম ত্ৰিমাসিক আৰু দ্বিতীয় ত্ৰিমাসিকৰ মূলধন ব্যয়ৰ সাফল্য, চলিত বিত্তীয় বৰ্ষৰ পৰৱৰ্তী তিনিমাহত মন্ত্ৰালয় আৰু তেওঁলোকৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ মূলধন ব্যয়ৰ লক্ষ্য, নেশ্যনেল ইনফ্ৰাষ্ট্ৰাক্সাৰ পাইপলাইন প্ৰকল্প ৰূপায়ণৰ বাবে কৰা ব্যয়, ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ (গতি শক্তি) আৰু পি পি পিৰ অধীনত আৰম্ভ কৰা প্ৰকল্পসমূহৰ বিষয়ে বৈঠকখনত আলোচনা কৰা হয় । পুঁজি মুকলিৰ ক্ষেত্ৰত নিৰীক্ষণ কৰাৰ উপৰিও প্ৰকল্প ৰূপায়ণৰ বিষয়ে পৰ্যালোচনা কৰিবলৈও সীতাৰমণে বিষয়াসকলক আহ্বান জনায় ।

তেওঁ লগতে কয় যে, আন্তঃগাঁথনি প্ৰকল্পসমূহ চৰকাৰৰ বাবে এক অগ্ৰাধিকাৰ আৰু দেশৰ অৰ্থনীতিৰ বাবে এনে প্ৰকল্পৰ প্ৰদৰ্শন গুৰুত্বপূৰ্ণ । বিত্ত মন্ত্ৰীয়ে অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলকো শক্তি মন্ত্ৰালয়, কয়লা মন্ত্ৰালয় আৰু পাৰমাণৱিক শক্তি বিভাগৰ সৈতে আলোচনা কৰি কাম কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে সংস্থাসমূহৰ মাজত সমন্বয়ৰ অভাৱ বা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা প্ৰয়োজনীয় সা-সঁজুলি ক্ৰয়ত পলম হোৱাৰ বাবে প্ৰকল্প ৰূপায়ণত বাধাৰ সৃষ্টি নহয় ।

শক্তি মন্ত্ৰালয়ৰ সৈতে হোৱা পৰ্যালোচনা বৈঠকত বিত্ত মন্ত্ৰী সীতাৰমণে জনায় যে, মন্ত্ৰালয়ে সময় মতে প্ৰয়োজনীয় অনুমোদন প্ৰাপ্ত কৰি প্ৰকল্প ৰূপায়ণৰ সুবিধাৰ বাবে ৰাজ্যসমূহলৈ সহযোগিতা আগবঢ়াব লাগিব । কয়লা মন্ত্ৰালয়ৰ সৈতে হোৱা আলোচনাত সীতাৰমণে মন্তব্য কৰে যে, প্ৰকল্পসমূহ সময় মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰকাৰে প্ৰচেষ্টা চলাব লাগিব ।

পাৰমাণৱিক শক্তি বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লৈ বিত্ত মন্ত্ৰীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা মূল সঁজুলি ক্ৰয় সন্দৰ্ভত সকলো কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰা আৰু এই ক্ষেত্ৰত সক্ৰিয় পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । এই বৈঠকে কাৰ্যত সংশ্লিষ্ট বিভাগকেইটাৰ কাম-কাজ কেনেদৰে প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:মঙলবাৰেও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.