ETV Bharat / bharat

ক’ভিডত প্ৰাণ হেৰুৱালে সীতাৰাম য়েচুৰীৰ পুত্ৰই - আশীষ য়েচুৰী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু

চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ জেষ্ঠ্য পুত্ৰ আশিস য়েচুৰী কৰ'ণাত আক্ৰান্ত হৈ । বিগত দুসপ্তাহে কৰ'ণাত আক্ৰান্ত হৈছিল ৩৫ বছৰীয়া আশীষ য়েচুৰী ।

Sitharam Yechury's son passes away
Sitharam Yechury's son passes away
author img

By

Published : Apr 22, 2021, 11:07 AM IST

নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল : দেশজুৰি কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু সীতাৰাম য়েচুৰীৰ জেষ্ঠ্য পুত্ৰ আশিস য়েচুৰীৰ । চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ আশিস য়েচুৰী কৰ'ণাত আক্ৰান্ত হৈ বৃহস্পতিবাৰে পুৱা ৫.৩০ বজাত নতুন দিল্লীত প্ৰাণ হেৰুৱায় । পিতৃ সীতাৰাম য়েচুৰীয়ে টুইটাৰযোগে সদৰী কৰিলে এই কথা । তেওঁ টুইটটোত উল্লেখ কৰে যে, 'অতি দুখেৰে মই জনাওঁ যে আজি ৰাতিপুৱা মোৰ জ্যেষ্ঠ পুত্ৰ আশিস য়েচুৰীক ক'ভি়ড-১৯ ৰ ফলত হেৰুৱাইছো । যিসকলে আমাক সান্তনা দিছিল আৰু তেওঁৰ চিকিৎসা কৰিছিল তেওঁলোকক মই ধন্যবাদ জনাব বিচাৰো । বিশেষকৈ চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী, আৰু সংকটকালত আমাৰ কাষত থিয় দিয়া সকলোকে অশেষ ধন্যবাদ' ।

Sitharam Yechury's son passes away
সীতাৰাম য়েচুৰীৰ টুইট

বিগত দুসপ্তাহে কৰ'ণাত আক্ৰান্ত হৈছিল ৩৫ বছৰীয়া আশিস য়েচুৰী । আশিস য়েচুৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি চিপিআই(এম) কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়েও এক বিবৃতি প্ৰকাশ কৰে । সীতাৰাম য়েচুৰী আৰু ইন্দ্ৰাণী মজুমদাৰৰ পুত্ৰ আশিস য়েচুৰীৰ মৃত্যুৰ বাতৰিত বাৰুকৈয়ে মৰ্মাহত বুলি শোক ব্যক্ত কৰে । তেওঁৰ অকাল মৃত্যুত দলৰ তৰফৰ পৰা সমূহ কৰ্মকৰ্তাই শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

লগতে পঢ়ক: গুজৰাটত অক্সিজেনৰ অভাৱত ১০ গৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.