নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : লোভেই পাপ পাপেই মৃত্যু... সম্প্ৰতি ধন-সম্পত্তিৰ লালসাত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে ৷ সম্পত্তিয়ে পাহৰাই পেলায় সম্পৰ্কৰ এনাজৰীও ৷ সম্পত্তিৰ লালসাই বহু সময়ত ঘাতকৰ ৰূপ লয় ৷ এইবাৰ এনে এক ঘটনা সংঘটিত হৈছে মুম্বাইত ৷
মুম্বাইত এগৰাকী ভগ্নীয়ে তেওঁৰ ভাতৃক সম্পত্তিৰ বাবে প্ৰতাৰণা কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ মহিলাগৰাকীৰ নাম আবিদা ইছমাইল বুলি জানিব পৰা গৈছে ৷ মহিলাগৰাকীয়ে ভাতৃৰ অজ্ঞাতে 1, 2 কোটি নহয় 100 কোটি টকাৰ সম্পত্তি বিক্ৰী কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাটো মধ্য মুম্বাইত সংঘটিত হৈছে ৷ আবিদা ইছমাইল নামৰ মহিলাগৰাকীয়ে আত্মীয় আৰু ভাতৃক হতবাক কৰি তুলিছে ৷ তেওঁ ঘৰৰ লোকৰ অজ্ঞাতে 100 কোটি টকাৰ সম্পত্তি বিক্ৰী কৰিছে ৷ এই ঘটনাৰ কথা গম পোৱাৰ পিচতে মহিলাগৰাকীৰ পৰিয়ালো লোকে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷
মহিলাগৰাকীৰ বিৰুদ্ধে মুম্বাইত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিচতেই, আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলাইছিল ৷ ইয়াৰোপৰি আৰক্ষীয়ে মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধান বিচাৰি অন্য আৰক্ষী থানাসমূহক অৱগত কৰিছিল ৷ ইয়াৰ কেইদিমনাৰ পিচত আৰক্ষীয়ে সকলো ঠাইতে অনুসন্ধান চলাই থকাৰ সময়তেই আৰক্ষীয়ে কৰ্ণাটকৰ মহীশূৰত মহিলাগৰাকী আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰে ৷
এই গোচৰৰ ভিত্তিত মহিলাগৰাকীক কেইদিনমান পূৰ্বে মহীশূৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ৷ বৰ্তমান তেওঁক বাইকুল্লা কাৰাগাৰত ন্যায়িক জিম্মাত ৰখা হৈছে ৷ ঘটনাৰ সন্দৰ্ভত সঠিক তদন্ত অব্যাহত আছে বুলি অৰ্থনৈতিক অপৰাধ শাখাৰ আৰক্ষী আয়ুক্ত সংগ্ৰাম সিঙে জানিবলৈ দিয়ে ৷
লগতে আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, গোচৰটো বৰ্তমান অৰ্থনৈতিক অপৰাধ শাখাৰ (ই.ও.ডব্লিউ.) তত্বাৱধানত আছে ৷ আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পুংখানুপুংখ অনুসন্ধান অব্যাহত ৰাখিছে ৷ মহিলাগৰাকীয়ে কিয় ইমান ডাঙৰ আৰু চৰম পদক্ষেপ ল'বলৈ আগবাঢ়িলে সেই বিষয়ে আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰি আছে ৷
লগতে পঢ়ক: Opposition Unity Forum: আসন বুজাবুজিক লৈ বৃহস্পতিবাৰে গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক