ETV Bharat / bharat

চিষ্টাৰ অভয়াৰ হত্যাকাৰীক আজীৱন কাৰাদণ্ড চিবিআইৰ বিশেষ আদালতৰ

চিষ্টাৰ অভয়া হত্যাকাণ্ডৰ দুয়োগৰাকী অভিযুক্তক আজীৱন কাৰাদণ্ড চিবিআইৰ বিশেষ আদালতৰ ৷

author img

By

Published : Dec 23, 2020, 1:58 PM IST

Sister Abhaya Murder Accused have been given life time imprisonment
চিষ্টাৰ অভয়াৰ হত্যাকাৰীক আজীৱন কাৰাদণ্ড চিবিআইৰ বিশেষ আদালতৰ

নেশ্যনেল ডেস্ক,23 ডিচেম্বৰ: চিষ্টাৰ অভয়াৰ হত্যাকাণ্ডৰে জড়িতৰ অপৰাধত চিবিআইৰ বিশেষ আদালতে ফাদাৰ থমাছ কট্টোৰক দুগুণ আজীৱন কাৰাদণ্ডৰ বিহাৰ বিপৰীতে চিষ্টাৰ ছেফীক আজীৱন কাৰাদণ্ড বিহে ৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ 28 বছৰৰ অন্তত চিবিআইৰ বিশেষ আদালতৰ জে. সনল কুমাৰৰ বিচাৰপীঠে দুয়োগৰাকী অভিযুক্তকে দোষী সাব্যস্ত কৰিছিল ৷ আনহাতে ঘটনাৰ আন এগৰাকী অভিযুক্ত ফাদাৰ পোথৰাকায়ালক উপযুক্ত তথ্যৰ অভাৱত পূৰ্বতে জামিন প্ৰদান কৰা হৈছিল ৷

উল্লেখ্য যে, 1992 চনৰ 27 মাৰ্চত কেৰালাৰ চেইন্ট পিয়ুচ কনভেন্টৰ নাদত ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ কৰা হৈছিল 21 বৰ্ষীয় চিষ্টাৰ অভয়াৰ মৃতদেহ ৷ 2008 বৰ্ষত হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পন কৰা হৈছিল চিবিআইক ৷ প্ৰছিকিউছনৰ মন্তব্য অনুসৰি, তিনিওগৰাকী অভিযুক্তক অনৈতিক কাৰ্যত লিপ্ত হৈ থকাৰ ঘটনাৰ সাক্ষী হোৱাৰ বাবেই কুঠাৰৰ নালেৰে কোবাই হত্যা কৰা হৈছিল অভয়াক ৷ নিজ কন্যাৰ হত্যাৰ ৰায়দানৰ অপেক্ষাত থকা চিষ্টাৰ অভয়াৰ মাতৃ-পিতৃয়ে কিছুবছৰ পূৰ্বে মৃত্যু বৰণ কৰে ৷

লগতে পঢ়ক-28 বছৰৰ অন্তত ন্যায় লাভ কৰিলে চিষ্টাৰ অভয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.