নেশ্যনেল ডেস্ক,২০ জুলাই : সিৰচা ডেৰা সচ্চা সৌদাৰ মুৰব্বী ৰাম ৰহিমক ৩০ দিনৰ বাবে পেৰল প্ৰদান কৰা হৈছে । যাৰ লগে লগে ৰাম ৰহিমে বৃহস্পতিবাৰে ৰোহতকৰ সুনাৰিয়া কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিব । এইবাৰো ৰাম ৰহিম উত্তৰ প্ৰদেশৰ বাগপতৰ বৰ্ণভা আশ্ৰমত থাকিব । যাৰ বাবে তাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।
উল্লেখ্য যে ধৰ্ষণ আৰু হত্যাৰ দৰে অপৰাধমূলক গোচৰত সুনাৰিয়া কাৰাগাৰত বন্দী হৈ আছে ৰাম ৰহিম । ইয়াৰ মাজতে ৰাম ৰহিমক ৩০ দিনৰ বাবে পেৰলত মুকলি কৰা হয় । কিন্তু ৰাম ৰহিমক সিৰচা শিবিৰলৈ যাবলৈ অনুমতি দিয়া হোৱা নাই । ইয়াৰ পূৰ্বে ৰাম ৰহিমে এই বছৰৰ জানুৱাৰীত ৪০ দিনৰ পেৰল লাভ কৰিছিল । ৩০ মাহৰ কাৰাগাৰত এয়া ৰাম ৰহিমৰ সপ্তম পেৰল ।
ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত ৰাম ৰহিমে ৩০ মাহৰ কাৰাবাসত পেৰল লাভ কৰিছে :
- ২০২০ চনৰ ২৪ অক্টোবৰত চৰকাৰে প্ৰথমবাৰৰ বাবে ৰাম ৰহিমক তেওঁৰ অসুস্থ মাতৃক সাক্ষাৎ কৰিবলৈ এদিনৰ পেৰল প্ৰদান কৰে ।
- ২০২১ চনৰ ২১ মে'ত দ্বিতীয়বাৰৰ বাবে মাতৃক পুনৰ সাক্ষাৎ কৰিবলৈ এদিনৰ পেৰল মঞ্জুৰ কৰা হৈছিল ।
- ২০২২ চনৰ ৭ ফেব্ৰুৱাৰীত হাৰিয়ানা চৰকাৰে ৰাম ৰহিমক ২১ দিনৰ পেৰল প্ৰদান কৰে ।
- ২০২২ চনৰ জুনত ৰাম ৰহিমক পুনৰ এমাহৰ পেৰল প্ৰদান কৰা হয় ।
- ২০২২ চনৰ অক্টোবৰত ৰাম ৰহিমক আকৌ এবাৰ ৪০ দিনৰ পেৰলত মুকলি কৰি দিয়া হয় ।
- ২০২৩ চনৰ ২১ জানুৱাৰীত ডেৰা প্ৰধান শ্বাহ সতনামৰ জন্ম জয়ন্তীত উপস্থিত থাকিবলৈ ৪০ দিনৰ বাবে পেৰল প্ৰদান কৰা হয় ।
উল্লেখ্য যে ৰাম ৰহিমক ২০১৭ চনৰ আগষ্টত পঞ্চকুলাৰ এখন বিশেষ চিবিআই আদালতে দুগৰাকী মহিলা অনুগামীক ধৰ্ষণ কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰিছিল ।
একেদৰে ২০২১ চনৰ ৮ অক্টোবৰত আদালতে ডেৰাৰ প্ৰাক্তন মেনেজাৰ ৰঞ্জিত সিঙৰ হত্যাৰ গোচৰত ৰাম ৰহিম আৰু আন ৪ জনক দোষী সাব্যস্ত কৰে । ৰঞ্জিত সিঙক ২০০২ চনত ডেৰা সচ্চা সৌদাৰ চৌহদতে হত্যা কৰা হৈছিল ।
লগতে পঢ়ক :Harsimrat Badal on Ram Rahim: ৰাম ৰহিমে তৰোৱালেৰে কেক কটাক লৈ ব্য়াপক প্ৰতিক্ৰিয়া