নিউজ ডেস্ক, 18 জুলাই: সোমবাৰে নতুন দিল্লীত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ সতীৰ্থ আৰক্ষী জোৱানত গুলীত তিনিজনকৈ জোৱান নিহত হয় ৷ দিল্লীৰ হাইদৰপুৰ অঞ্চলত সংঘটিত হয় এই ঘটনা ৷
হাইদৰপুৰৰ এটা প্ৰকল্পত নিয়োজিত হৈ থকা ছিকিম আৰক্ষীৰ এটা দলৰ মাজত সূত্ৰপাত হয় তৰ্কৰ ৷ জানিব পৰা অনুসৰি প্ৰবীণ ৰায় নামৰ জোৱানজনৰ পৰিয়ালক লৈ সতীৰ্থই আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত গুলীচালনা কৰে প্ৰবীণ ৰায়ে ৷ ফলত দুজন সহকৰ্মী থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এজন সতীৰ্থ ৷
পৰৱৰ্তী সময়ত আহত জোৱানজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ উল্লেখ্য যে, ঘটনা সংঘটিত কৰাৰ পাছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে প্ৰবীন ৰায়ে ।
লগতে পঢ়ক: Dibrugarh varsity students go missing: দ্বিতীয় দিনাও কোনো সন্ধান নাই শুভদ্বীপ আৰু প্ৰসিদ্ধৰ