ETV Bharat / bharat

শ্বিলঙৰ পঞ্জাৱী লেনৰ স্থানান্তৰৰ বিৰোধিতা শিখ সকলৰ - মেঘালয়ৰ পঞ্জাৱী লেন

মেঘালয় চৰকাৰে ৰাজ্যখনৰ পঞ্জাৱী লেনত বাস কৰা লোকসকলক অন্য ঠাইলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইয়াৰ বাসিন্দাসকল ৷ মেঘালয় চৰকাৰৰ এই অবৈধ, বে-আইনী আৰু অনৈতিক কাৰ্যক সমৰ্থন নকৰাৰ হুংকাৰ শিখ লোকসকলৰ ৷

Sikhs in Meghalaya has vowed to challenge the government's decision to relocate the residents of Punjabi Lane
মেঘালয়ৰ পঞ্জাৱী লেনৰ বাসিন্দাক স্থানান্তৰ : চৰকাৰৰ বিৰোধিতা শিখ সকলৰ
author img

By

Published : Oct 12, 2021, 4:21 PM IST

নিউজ ডেস্ক, 12 অক্টোবৰ : মেঘালয়ৰ পঞ্জাৱী লেনত বাস কৰা লোকসকলক অন্য ঠাইলৈ স্থানান্তৰৰ বাবে লোৱা চৰকাৰৰ সিন্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ লগতে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ইয়াৰ বাসিন্দা সকলে ৷

পঞ্জাৱী লেনত বাস কৰা লোকসকলৰ স্থানান্তৰৰ বাবে মেঘালয় চৰকাৰৰ সিদ্ধান্তক কেন্দ্ৰীয় সংখ্যালঘু আয়োগেও বিৰোধীতা কৰিছে ৷ 1850 চনৰ পৰাই শিখ সম্প্ৰদায়ৰ লোকসকলে পঞ্জাৱী লেনত বাস কৰি আহিছে ৷ যাৰ বাবে চৰকাৰে তেওঁলোকক সেই স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইয়াত বসবাস কৰি অহা লোকসকল ৷

ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে চৰকাৰক মেঘালয় উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি বিষয়টো সন্দৰ্ভত স্থিতাৱস্থা বজাই ৰাখিবলৈ আৰু এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৷ উল্লেখ্য যে, মেঘালয়ৰ পঞ্জাৱী লেনত বাসকৰা এইসকল লোকক "বে-আইনীভাৱে" স্থানান্তৰৰ বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰলৈ লৈ যাব বুলি কয় পঞ্জাৱৰ উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱাই ৷

ইয়াৰ উপৰিও হৰিজন পঞ্চায়ত কমিটী আৰু শ্বিলঙৰ শিখ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতিনিধিসকলেও চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ তেওঁলোকে কয় যে, আমি চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিম ৷

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ হৰিজন পঞ্চায়ত কমিটীৰ সভাপতি গুৰিত সিঙে লগতে কয়, 2.5 একৰ ভূমিত থকা এই কলনীটো ৰাজ্যখনৰ সৰ্ববৃহৎ পৰম্পৰাগত বজাৰ, 'বৰা বাজাৰৰ' কাষত অৱস্থিত ৷ এই বজাৰখনেই পৰিয়ালসমূহৰ বাবে জীৱনৰেখা স্বৰূপ, এই বজাৰখনতেই তেওঁলোকে বিভিন্ন দোকান-পোহাৰ দি জীৱিকা নিৰ্বাহ কৰি আহিছে ৷ তেওঁ কয় যে "আমি নিজৰ ভূমিৰ বাবে প্ৰাণ দিম, কিন্তু মেঘালয় চৰকাৰৰ অবৈধ, বে-আইনী আৰু অনৈতিক কাৰ্যক সমৰ্থন নকৰো ৷"

লগতে পঢ়ক : Old Farmers Day : ইতিহাস আৰু তাৎপৰ্য সম্পৰ্কে চমু অৱলোকন...

উল্লেখ্য যে, মেঘালয় চৰকাৰে পঞ্জাৱী লেনৰ এইসকল শিখ সম্প্ৰদায়ৰ লোকক ৰাজধানী শ্বিলঙৰ মাওলং অঞ্চললৈ স্থানান্তৰৰ সিদ্ধান্ত লৈছে ৷ চৰকাৰে পঞ্জাৱী লেনৰ এই অঞ্চলটো চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বাসগৃহ নিৰ্মানৰ বাবে ব্যৱহাৰ কৰিব ৷ মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টোন টিনছঙৰ নেতৃত্বত উচ্চ-পৰ্যায়ৰ কমিটীৰ পৰামৰ্শ মতে এই সিদ্ধান্ত লোৱা হয় ৷

যোৱা বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাদ চাংমাই টুইটযোগে জনায় যে, পঞ্জাৱী লেন অথবা চুইপাৰ কলনীৰ সমস্যা সন্দৰ্ভত কেবিনেটে উচ্চ-পৰ্যায়ৰ সমিতিৰ পৰামৰ্শসমূহৰ বিষয়ে আলোচনা কৰিবলৈ মিলিত হৈছে । কমিটীখনে মহানগৰ পৰিক্ৰমা বিভাগৰ সৈতেও স্থানান্তৰিত লোকসকলক উপযুক্ত স্থানত পুনৰ সংস্থাপন দিয়া সন্দৰ্ভত আলোচনা কৰিছে ; যিহেতু এই অঞ্চলটোত চৰকাৰে নিৰ্দিষ্ট কিছুমান চৰকাৰী বিভাগত কৰ্মৰত কৰ্মচাৰীৰ চৰাকৰী আবাসগৃহ নিৰ্মানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, এই অঞ্চলটোত যোৱা প্ৰায় দুটা দশক ধৰি 350 টা শিখ পৰিয়ালে বসবাস কৰি আহিছে ৷ তেওঁলোকৰ দাবী এই ভূমিখিনি 1863 চনৰো আগতেই চিয়েম বা খাচী জনজাতীয় প্ৰধানে তেওঁলোকক দান কৰিছিল ৷ কিন্তু মেঘালয়ৰ জনজাতীয় লোকসকলে তেওঁলোকক সদায় বহিৰাগতৰ দৰে ব্যৱহাৰ কৰি আহিছে আৰু তেওঁলোকক চহৰৰ মজিয়াৰ পৰা পোখাৰে সৈতে উভালি পেলাবলৈ বিচাৰে ৷

লগতে পঢ়ক : মানৱ অধিকাৰ আয়োগৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.