ETV Bharat / bharat

SFJ Threat : চলিত বিশ্বকাপৰ ফাইনেলৰ দিনাই বিশ্ব সন্ত্ৰাসবাদী কাপৰ ফাইনেল খেলাৰ ভাবুকি গুৰপতৱন্ত সিং পান্নুনৰ

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 12:50 PM IST

নিষিদ্ধ শিখ ফৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনৰ আন এক ভয়ংকৰ ভাবুকি । ১৯ নৱেম্বৰত বিশ্ব সন্ত্ৰাসবাদী কাপৰ চূড়ান্ত খেল অনুষ্ঠিত কৰাৰ হুংকাৰ । ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰাৰ ভাবুকি । শিখসকলক এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা নকৰিবলৈ সকীয়নি পান্নুনৰ ।

SFJ Threat
বিশ্বকাপৰ ফাইনেলৰ দিনাই বিশ্ব সন্ত্ৰাসবাদী কাপৰ ফাইনেল খেলাৰ ভাবুকি গুৰপতৱন্ত সিং পান্নুনৰ

নেশ্যনেল ডেস্ক,৫ নৱেম্বৰ : অহা ১৯ নৱেম্বৰত ভাৰতত চলি থকা আইচিচি ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত খেল অনুষ্ঠিত হ’ব । গুজৰাটৰ আহমেদাবাদৰ ষ্টেডিয়ামত ফাইনেলত অৱতীৰ্ণ দুটা যোগ্য দল । আনহাতে একেদিনাই বিশ্ব সন্ত্ৰাসবাদী কাপৰ চূড়ান্ত খেল খেলাৰ হুংকাৰ নিষিদ্ধ শিখ ফৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনৰ । পান্নুনে পুনৰ এবাৰ সামাজিক মাধ্যমত এইধৰণৰ ভাবুকি প্ৰদান কৰে । শেহতীয়াকৈ সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনে এই সন্দৰ্ভত এটা ভিডিঅ' বাৰ্তা মুকলি কৰিছে ।

নিষিদ্ধ শিখ ফৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক গুৰপতৱন্ত সিং পান্নুনে লগতে শিখসকলক ১৯ নৱেম্বৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা নকৰিবলৈ সকীয়াই দিয়ে । কিয়নো যাত্ৰা কৰিলে তেওঁলোকৰ জীৱন বিপদত পৰিব পাৰে । তেওঁ দাবী কৰিছে যে সেইদিনটোৰ পৰাই এয়াৰ ইণ্ডিয়াক কাম কৰিবলৈ অনুমতি দিয়া নহ'ব ।

পান্নুনে কয় যে ১৯ নৱেম্বৰৰ পৰা বিশ্বব্যাপী অৱৰোধ হ'ব আৰু এয়াৰ ইণ্ডিয়াক কাম কৰিবলৈ অনুমতি দিয়া নহ'ব । তেওঁৰ ভিডিঅ'টো সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে । তেওঁ ভাবুকি দি কয় যে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আইজিআই) বিমানবন্দৰ ১৯ নৱেম্বৰত বন্ধ থাকিব আৰু ইয়াৰ নাম সলনি কৰা হ'ব । এই বিমানবন্দৰৰ নাম হ'ব শ্বহীদ বিয়ান্ত সিং, শ্বহীদ সাতৱন্ত সিং খালিস্তান বিমানবন্দৰ হ'ব আৰু পাঞ্জাৱক মুক্ত কৰা হ'ব বুলিও তেওঁ ভাবুকি দিয়ে ।

গুৰপতৱন্ত পান্নুনে কয় যে ১৯ নৱেম্বৰত ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অন্তিম খন খেল গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'ব । একেদিনাই বিশ্ব সন্ত্ৰাসবাদী কাপৰ চূড়ান্ত খেল খন খেলা হ'ব বুলি ভাবুকি দিয়ে ।

যোৱা ছেপ্টেম্বৰত পান্নুনে একেধৰণৰ ভাবুকি দি খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে হিন্দু-কানাডিয়ানসকলক কানাডা এৰিবলৈ আহ্বান জনাইছিল । পান্নুনে সামাজিক মাধ্যমত এটা ভিডিঅ'ত এই ভাবুকি জাৰি কৰিছিল আৰু তেওঁ কৈছিল যে খালিস্তান পন্থী শিখসকলে কানাডাৰ প্ৰতি ধাৰাবাহিকভাৱে আনুগত্য প্ৰদৰ্শন কৰি আহিছে ।

ইফালে গুৰপতৱন্ত পান্নুনৰ এনেধৰণৰ ঘৃণামূলক মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিন্দু ফ'ৰাম কানাডাৰ অধিবক্তাসকলে কয় যে তেওঁৰ মন্তব্যই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু কানাডাৰ ইমিগ্ৰেচন মন্ত্ৰীক পান্নুনক কানাডাত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ কৈছে । আনহাতে পান্নুনৰ ধাৰাবাহিক ভাবুকিৰ বাবে দিল্লী আৰক্ষীয়েও ৰাষ্ট্ৰীয় ৰাজধানীত নিৰাপত্তা বৃদ্ধিৰ বাবে বিস্তৃত পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

লগতে পঢ়ক :Murder case : আজান দি থকাৰ সময়তে ইমামক ডিঙি কাটি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.