ETV Bharat / bharat

Karnataka next CM : আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ আসনত সিদ্দাৰামাইয়া !

author img

By

Published : May 18, 2023, 11:00 AM IST

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে পুনৰ এবাৰ দায়িত্ব ল'ব সিদ্দাৰামাইয়াই (Siddaramaiah to be next Karnataka CM)। আনহাতে উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰে । সূত্ৰৰ মতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসভাই শনিবাৰে শপত ল'ব ।

Karnataka next CM
আকৌ এবাৰ মুখ্যমন্ত্ৰীৰ আসনত সিদ্দাৰামাইয়া

নেশ্যনেল ডেস্ক,১৮ মে': যোৱা কিছুদিন ধৰি কৰ্ণাটকৰ ৰাজনীতিয়ে দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে । যোৱা ১০ মে'ত অনুষ্ঠিত নিৰ্বাচনত বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছ জয়ী হ'লেও মুখ্যমন্ত্ৰীৰ বাছনিক লৈ দোমাজাত আছিল শীৰ্ষ নেতৃত্ব (Karnataka next CM)। যোৱা প্ৰায় ২ টা দিন ধৰি ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ বাছনিক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ব্যস্ত হৈ আছে । ৰাজ্যবাসীৰ মাজতো ব্যাপক কৌতূহলে বিৰাজ কৰি আছে । অৱশ্যে সকলো অপেক্ষাৰ অৱসান ঘটিল । সিদ্দাৰাইমাই পুনৰ এবাৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'ব !

কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী বাছনিৰ অনুশীলন চূড়ান্ত পৰ্যায়ত উপনীত হৈছে । সূত্ৰৰ মতে সিদ্দাৰামাইয়াই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ হ'ব উপ মুখ্যমন্ত্ৰী (DK Shivakumar to be Deputy CM of Karnataka)। অৱশ্যে আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে ।

ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ৰাজনৈতিক সংকট সমাধান কৰাত সফল হৈছে । জানিব পৰা মতে ২০ মে'ত বেংগালুৰুত শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হ'ব । কংগ্ৰেছ দলটোৱে বৃহস্পতিবাৰে অৰ্থাৎ আজি সন্ধিয়া ৭ বজাত বেংগালুৰুত কংগ্ৰেছ বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰিছে আৰু এআইচিচি কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক চিএলপি বৈঠক অনুষ্ঠিত কৰিবলৈ বেংগালুৰুলৈ যোৱাৰো নিৰ্দেশ দিয়া হৈছে (Congress CLP meeting in Bengaluru)। এই বৈঠকতে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

মুখ্যমন্ত্ৰী বাছনিৰ বাবে দিল্লীলৈ যোৱা বিধায়ক আৰু নেতাসকলো আবেলি বেংগালুৰুত উপস্থিত হ'ব । কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰে হাইকমাণ্ডৰ নিৰ্দেশতে সন্ধিয়া ৭ বজাত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকখনৰ আহ্বান কৰিছে । ডি কে শিৱকুমাৰে দিয়া পৰামৰ্শ অনুসৰি বিধানসভা নিৰ্বাচনত নিৰ্বাচিত সকলো বিধায়ক, বিধান পৰিষদৰ সদস্য আৰু সাংসদসকল বৈঠকত উপস্থিত থাকিব লাগিব ।

কংগ্ৰেছৰ হাইকমাণ্ডৰ প্ৰতিনিধি আৰু ৰাজ্যিক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সিং সুৰজেৱালা, এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালকে ধৰি জ্যেষ্ঠ নেতাসকলে বৈঠকত অংশগ্ৰহণ কৰিব । সূত্ৰৰ মতে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হোৱাৰ পাছতে নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে শনিবাৰে শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'ব ।

লগতে পঢ়ক :Karnataka CM race Updates: সিদ্দাৰামাইয়াৰ গাঁও আৰু বেংগালুৰুত সমৰ্থকৰ উল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.