ETV Bharat / bharat

Siddaramaiah to be Sworn as Karnataka CM : বৃহস্পতিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব সিদ্দাৰামাইয়াই !

author img

By

Published : May 17, 2023, 3:23 PM IST

ইটিভি ভাৰতৰ অমিত অগ্নিহোত্ৰীয়ে প্ৰকাশ কৰিছে যে কংগ্ৰেছ নেতা সিদ্দাৰামাইয়াই ১৮ মে'ত বেংগালুৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব (Siddaramaiah to be Sworn as Karnataka CM) ।

Siddaramaiah to be Sworn as Karnataka CM

নিউজ ডেস্ক, ১৭ মে' : বৃহস্পতিবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই শপত গ্ৰহণ কৰিব (Siddaramaiah to be Sworn as Karnataka CM) । বুধবাৰে কংগ্ৰেছৰ এক বিশ্বস্ত সূত্ৰই এই কথা প্ৰকাশ কৰিছে । "হয়, বৃহস্পতিবাৰে আবেলি শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । শপত গ্ৰহণৰ স্থান হৈছে বেংগালুৰুৰ কণ্টেৰাভা ষ্টেডিয়াম ।" এআইচিচিৰ এজন জ্যেষ্ঠ কৰ্মীয়ে ইটিভি ভাৰতৰ আগত এনেদৰে কয় (Karnataka new CM oath taking on 18th May) ।

নতুন মুখ্যমন্ত্ৰীৰ লগতে বৃহস্পতিবাৰে এজন উপ-মুখ্যমন্ত্ৰীয়েও শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে লগতে কয় । উল্লেখ্য, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰৰ (DK Shivkumar to be dept CM in Karnataka) মাজত মুখ্যমন্ত্ৰী পদৰ বাবে এক কঠিন প্ৰতিদ্বন্দ্বিতা হোৱাৰ বাবে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে বিষয়টো সন্দৰ্ভত সূক্ষ্ম পৰ্যালোচনা কৰে (AICC president Mallikarjun Kharge) । তাৰ পিছত সিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি সূত্ৰটোত প্ৰকাশ ।

আনহাতে, ডি কে শিৱকুমাৰ ৰাজ্যখনৰ নতুন উপ-মুখ্যমন্ত্ৰী হ'ব পাৰে বুলি সূত্ৰটোৱে লগতে কয় । আনহাতে, আৰু এজন ব্যক্তি উপ-মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে । ইফালে পৰৱৰ্তী সময়ত কেবিনেট সম্প্ৰসাৰণ হ'ব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে সিদ্দাৰামাইয়া আৰু ডি কে শিৱকুমাৰ দুয়োগৰাকী নেতায়ে চৰকাৰ গঠন সন্দৰ্ভত আলোচনাৰ বাবে বৰ্তমান দিল্লীত আছে আৰু সোনকালেই তেওঁলোক বেংগালুৰুলৈ ৰাওনা হ'ব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য, ২৪৪ জনীয়া কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন যোৱা ১০ মে'ত অনুষ্ঠিত হয় আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হয় ১৩ মে'ত । এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে মুঠ ১৩৫ খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে (Karnataka Election Result 2023) । আনহাতে, বিজেপি ৬৬ খন, জনতা দল চেকুলাৰে ১৯ খন আৰু অন্যান্যই ৪ খন আসনত বিজয় সাব্যস্ত কৰে । ভোটৰ শতাংশ হিচাপত কংগ্ৰেছে ৪৩ শতাংশ, বিজেপিয়ে ৩৬ শতাংশ আৰু জেডি (এছ)য়ে ১৩.২ শতাংশ ভোট লাভ কৰে ।

ইফালে কৰ্ণাটক দখলৰ পিছতে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদক লৈ এক অনিশ্চয়তাৰ সৃষ্টি হয় । কিয়নো ৰাজ্যখনত মুখ্যমন্ত্ৰী পদৰ বাবে কেইবাজনো শীৰ্ষ নেতাৰ নাম ওলায় । তাৰ ভিতৰত অন্যতম আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ নেতা সিদ্দাৰামাইয়া আৰু আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কি শিৱকুমাৰ ।

লগতে পঢ়ক :Karnataka CM selection : প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী পৰমেশ্বৰক মুখ্যমন্ত্ৰিত্ব প্ৰদানৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.