ETV Bharat / bharat

ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ন্যাসত জমা ১,৫১১ কোটি টকা

author img

By

Published : Feb 13, 2021, 12:41 PM IST

২০২০ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ তত্বাৱধানৰ বাবে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ন্যাস গঠনৰ কথা ঘোষণা কৰে । একেটা বৰ্ষৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰে ।

Shri Ram Janmbhoomi Teerth Kshetra received donations of 1,511 crore so far
ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত ন্যাসত জমা ১,৫১১ কোটি টকা

নিউজ ডেস্ক,13 ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ আৰু ব্যৱস্থাপনা চোৱাচিতা কৰিবলৈ গঠন কৰা শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ন্যাসত ১,৫১১ কোটি টকা জমা কৰা হৈছে ৷ ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ কোষাধ্যক্ষ স্বামী গোবিন্দদেৱ গিৰিয়ে শুকুৰবাৰে সদৰী কৰে এই কথা । ন্যাসৰ কোষাধ্যক্ষ স্বামী গোবিন্দদেৱ গিৰিয়ে কয় যে, ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সমগ্ৰ দেশে বৰঙণি আগবঢ়াইছে । বৰ্তমানলৈ ভাৰতৰ ৪ লাখ গাঁও আৰু ১১ কোটি পৰিয়ালে বৰঙণি দিছে । এই অভিযান ১৫ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছে আৰু ২৭ ফেব্ৰুৱাৰীলৈ এই অভিযান অব্যাহত থাকিব ।

তেওঁ লগতে কয় যে, প্ৰায় ৪৯২ বছৰৰ পাছত মানুহে পুনৰ ধৰ্মৰ বাবে কিবা এটা কৰাৰ সুযোগ লাভ কৰিছে ৷ যাৰ বাবে ন্যাসৰ একাউণ্টত বৰ্তমানলৈ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১,৫১১ টকা জমা হৈছে । উল্লেখ্য যে, ২০১৯ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়াধীশ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচ জনীয়া বিচাৰপীঠে অযোধ্যাৰ বিতৰ্কিত ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰায় দিছিল ৷ ন্যায়ালয়ে লগতে ২.৭ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ কাম তদাৰকৰ দায়িত্ব এটা ন্যাসক হস্তান্তৰৰ নিৰ্দেশ দিয়ে ৷ অৱশেষত ২০২০ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ তত্বাৱধানৰ বাবে ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ গঠনৰ কথা ঘোষণা কৰে । একেটা বৰ্ষৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন সম্পন্ন কৰে ।

লগতে পঢ়ক : ওড়িশাত পৰ্যটন ক্ষেত্ৰ বৃদ্ধিৰ বাবে চৰকাৰৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.