নেশ্যনেল ডেস্ক, 12 ছেপ্তেম্বৰ : উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত 403 খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব শিৱসেনাই ৷ যদিও দলটোৱে এইপৰ্যন্ত কোনো দলৰে সৈতে মিত্ৰতাৰ কথা ঘোষণা কৰা নাই কিন্তু মিত্ৰতাৰ ইংগিত প্ৰদান কৰিছে ৷ শিৱসেনাৰ নেতৃবৃন্দই শনিবাৰে উত্তৰ প্ৰদেশত এখন বৈঠক আয়োজন কৰি 2022 ৰ উত্তৰ প্ৰদেশ নিৰ্বাচনৰ বাবে আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা বিবৃতিযোগে প্ৰকাশ কৰিছিল ৷
উত্তৰ প্ৰদেশৰ শিৱ সেনাৰ প্ৰধান ঠাকুৰ অনিল সিঙে কয়, "যোগী আদিত্যনাথ শাসনৰ অধীনত ৰাজ্যখনত জংঘল ৰাজ চলাৰ উপৰিও আইন-শৃংখলা পৰিস্থিতিৰ সৃষ্টি হৈছে । আজিৰ বৈঠকখনত দলৰ নেতৃত্বই শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্যসেৱা খণ্ডৰ পৰা আৰম্ভ কৰি ক’ভিড মহামাৰী আৰু কৃষকৰ সমস্যালৈকে কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰিছিল" ৷
যদিও শিৱসেনাই বিধানসভা নিৰ্বাচনৰ বাবে কোনো ৰাজনৈতিক মিত্ৰতা ঘোষণা কৰা নাই কিন্তু শিৱসেনা কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে ইচ্ছুক ৷ কংগ্ৰেছ ইতিমধ্যে মহাৰাষ্ট্ৰতো শিৱসেনাৰ মিত্ৰদল ।
লগতে পঢ়ক : কোন হ'ব গুজৰাটৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?