ETV Bharat / bharat

ছিমলাত নিৰ্মাণ হ'ব বিশ্বৰ দ্বিতীয় দীঘল ৰোপৱে

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 6:36 PM IST

দেশৰ দীৰ্ঘতম ৰোপৱে হিমাচল প্ৰদেশত নিৰ্মাণ হ'বলৈ গৈ আছে । উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে লিবিয়াত নিৰ্মাণ কৰা ৰোপৱেৰ দৈৰ্ঘ্য হৈছে ৩২ কিলোমিটাৰ । আনহাতে, ছিমলাত নিৰ্মাণ হ'বলগীয়া ৰোপৱেৰ দৈৰ্ঘ্য হ'ব ১৩.৫৫ কিলোমিটাৰ ।

Country Longest Ropeway Built In Shimla
বিশ্বৰ দ্বিতীয় দীঘল ৰোপৱে ছিমলাত নিৰ্মাণ হ'ব

নিউজ ডেস্ক, ৮ নৱেম্বৰ : হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলাত বিশ্বৰ দ্বিতীয় দীৰ্ঘতম ৰোপৱে পৰিবহণ প্ৰকল্প নিৰ্মাণ হ'বলৈ গৈ আছে । প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্ব ৰোপৱে আৰু দ্ৰুত পৰিবহণ ব্যৱস্থা উন্নয়ন নিগমক অৰ্পণ কৰা হৈছে । উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে শুকুৰবাৰে ৰাজ্যিক সচিবালয়ত এখন সংবাদমেলত এই সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰে ।

উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে কয় যে ছিমলাৰ এই ৰোপৱে পৰিবহণ প্ৰকল্পটো অন্তিম পৰ্যায়ত উপনীত হৈছে । তেওঁ লগতে কয় যে এইটো বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ৰোপৱে পৰিবহণ প্ৰকল্প হ'ব । মুকেশ অগ্নিহোত্ৰীয়ে কয় যে এই সন্দৰ্ভত সকলো অনুমোদন আৰু প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে । বৰ্তমান বন বিভাগৰ পৰা অনুমতি লাভ কৰা হৈছে । মুকেশ অগ্নিহোত্ৰীয়ে কয় যে এই প্ৰকল্পটো ১,৫৫৫ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হ'ব । ছিমলাত ১৩.৭৯ কিলোমিটাৰ দীঘল এই ৰোপৱে নেটৱৰ্ক স্থাপন কৰা হ'ব ।

উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে কয় যে এই সমগ্ৰ ৰোপৱে ব্যৱস্থাত ১৩ টা ষ্টেচন থাকিব । ইয়াৰ উপৰি প্ৰাৰম্ভিক পৰ্যায়ত এই ব্যৱস্থাত ২২২ টা কেবিন স্থাপন কৰা হ'ব আৰু সম্পূৰ্ণ পৰ্যায়ত ৬৬০ টা কেবিন স্থাপন কৰা হ'ব । প্ৰতিটো কেবিনত ৮-১০ গৰাকী লোক কঢ়িয়াই নিয়াৰ ক্ষমতা থাকিব । আনহাতে, ২-৩ মিনিটৰ ভিতৰত ষ্টেচনৰ লোকসকলৰ বাবে কেবিন উপলব্ধ হ'ব । প্ৰকল্পটো পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মুডত নিউ ডেভেলপমেণ্ট বেংকৰ অৰ্থ-সাহায্যত নিৰ্মাণ কৰা হৈছে । হিমাচল প্ৰদেশ চৰকাৰৰো ইয়াত অংশ আছে আৰু সোনকালেই ইয়াৰ নিৰ্মাণ আৰম্ভ হ'ব ।

উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে কয় যে প্ৰথম ষ্টেচনটো তাৰাদেৱীত নিৰ্মাণ কৰা হ'ব । ইয়াৰ পিছত ন্যায়িক কমপ্লেক্স, তুতিকান্দি পাৰ্কিং, নতুন আইএছবিটি, তুতিকান্দি ৰে'ল ষ্টেচন, পুৰণি আইএছবিটি ছিমলা, লিফ্ট, সচিবালয় ছোটা ছিমলা, নৱ বাহাৰ, চাঞ্জৌলি, আইজিএমচি, আইচ স্কেটিং ৰিংক আৰু হোটেল চেতনৰ ওচৰত ১০৩ টা ষ্টেচন নিৰ্মাণ কৰা হ'ব ।

উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে লগতে উল্লেখ কৰে যে ৰোপৱেৰ ভাড়াও বেছি নহ'ব । এই ভাড়া বাছ ভাড়াৰ ওচৰে-পাজৰে থাকিব । অৰ্থাৎ ৰোপৱে সুবিধাটো চৰকাৰে বাছভাড়াৰ সমান ভাড়াতে উপলব্ধ কৰাব । এই ৰোপৱেয়ে কেৱল পৰ্যটন উদ্যোগক উন্নত কৰাই নহয়, স্থানীয় লোকসকলক যান-বাহনৰ সমস্যাৰ পৰাও ৰোহাই দিব ।

আনহাতে, মুকেশ অগ্নিহোত্ৰীয়ে কয় যে তাৰা দেৱী-ছিমলা ৰোপৱেৰ পিছত পাৰৱানুৰ পৰা ছিমলালৈ আন এটা ৰোপৱে নিৰ্মাণৰ কাম আৰম্ভ হৈছে । তেওঁ কয় যে ইয়াৰ ব্যয় হ'ব ৬৬০০ কোটি টকা । ইয়াৰ দৈৰ্ঘ্য ৩৮ কিলোমিটাৰ হ'ব । এইটো বিশ্বৰ আটাইতকৈ দীঘল ৰোপৱে হ'ব ।

লগতে পঢ়ক :চীনৰ দখলত ভাৰতৰ ৩৮ হাজাৰ বৰ্গকিলোমিটাৰ ভূমি; ভাৰত-তিব্বত সমন্বয় সংঘ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.