ETV Bharat / bharat

মোদী-মমতা-বিপ্লৱৰ বাবে শ্বেইখ হাছিনাই প্ৰেৰণ কৰিলে বিশেষ আম

author img

By

Published : Jul 5, 2021, 8:13 PM IST

Updated : Jul 6, 2021, 2:06 PM IST

সোমবাৰে, এখন ট্ৰাক যোগে চুবুৰীয়া দেশ বাংলাদেশৰ পৰা ভাৰতলৈ আহিল 2600 কিলোগ্ৰাম বিশেষ হাৰিভাংগা প্ৰজাতিৰ আম ৷ চুবুৰীয়া দেশখনৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই (Bangladesh PM Sheikh Hasina) এই আম প্ৰেৰণ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ বাবে ৷

sheikh-hasina-sends-mangoes-to-pm-modi-biplab-deb-and-mamta-benarjee
মোদী-মমতা-বিপ্লৱৰ বাবে শ্বেইখ হাছিনাই প্ৰেৰণ কৰিলে বিশেষ আম

নিউজ ডেস্ক, 5 জুলাই : বাংলাদেশৰ এক বিশেষ আমৰ সোৱাদ লাভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Modi), পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(West Bengal Chief Minister Mamata Banerjee) আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে ৷ দেওবাৰে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই (Bangladesh PM Sheikh Hasina) বাংলাদেশৰ প্ৰখ্যাত হাৰিভাংগা আম ভাৰতলৈ প্ৰেৰণ কৰে ৷ এখন ট্ৰাকৰ যোগে পঠিওৱা এই 2600 কিলোগ্ৰাম আম পোন প্ৰথমে গ্ৰহণ কৰে কলকাত থকা বাংলাদেশৰ ডেপুটি হাইকমিচনৰ(deputy high comission of Bangladesh) প্ৰথম ৰাজনৈতিক সচিৱ মহম্মদ চামিউল কুৱাদেৰে ৷

প্ৰাচীন কালৰে পৰা বন্ধু ৰাষ্ট্ৰৰ মাজত উপহাৰৰ আদান প্ৰদান হোৱাটো সুস্থ কুটনীতিৰ অংশ হিচাপে ব্যৱহৃত হৈ আহিছে ৷ ৰাজদূতৰ জৰিয়তে বন্ধু ৰাষ্ট্ৰৰ শাসকলৈ ৰজা মহাৰজা সকলে প্ৰেৰণ কৰিছিল বিভিন্ন উপহাৰ ৷ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কুটনৈতিক সম্পৰ্ক ৰক্ষাৰ দিশত সোমবাৰে বাংলাদেশৰ ৰংপুৰ অঞ্চলৰ পৰা বেনাপল বন্দৰৰ মাজেৰে ভাৰতলৈ অহা এই বিশেষ আমখিনিয়েও যেন অনুৰূপ ঘটনাৰে পুনৰাবৃত্তি কৰিলে ৷

ইতিমধ্যে, ত্ৰিপুৰাৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বিশেষ আমখিনি প্ৰেৰণ কৰাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীক টুইটাৰ যোগে সৌহাদ্যমূলক ধন্যবাদ জ্ঞাপন কৰি কয় যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই প্ৰেৰণ কৰা আমখিনি লাভ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত-বাংলাদেশৰ মৈত্রীৰ সম্পৰ্ক অটুত থকাৰ কথা তেওঁ কামনা কৰিছে ৷

  • বাংলাদেশের মাননীয়া পিএম শেখ হাসিনাজির উপহার পেয়ে আমি আপ্লুত। বাংলাদেশের সহকারী হাইকমিশনার জোবায়েদ হুসেন আজ হাসিনাজি প্রেরিত আম তুলে দেন। আমি বাংলাদেশের মাননীয়া পিএমকে ধন্যবাদ জ্ঞাপন করছি। মাননীয় পিএম নরেন্দ্র মোদীজির নেতৃত্বে ভারত-বাংলাদেশের মৈত্রী অটুট থাকুক, এই কামনাই করি। pic.twitter.com/YN62iIzWVp

    — Biplab Kumar Deb (@BjpBiplab) July 5, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে, হাৰিভাংগা আম চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ উত্তৰ-পশ্চিম অংশ বিশেষকৈ ৰংপুৰ অঞ্চলত প্ৰচুৰ পৰিমাণত উপলব্ধ ৷ ইয়াৰ লগতে, এই আমৰ খেতিয়ে শেহতীয়াকৈ ৰাষ্ট্ৰখনৰ উত্তৰ অঞ্চলৰ খেতিয়ক সকলৰ মাজতো ব্যাপক সমাদৰ লাভ কৰিছে ৷ এই বিশেষ বিধৰ বিশেষ ৰং আৰু গোলাকাৰ ৰূপে প্ৰায়েই খাদ্য ৰসিকৰ সমাদৰ লাভ কৰে ৷ কোনো ধৰণৰ আঁহ নথকা(fiberless mangoes) এই বিশেষ আম বিধ সচৰাচৰ 200 ৰ পৰা 400 গ্ৰাম ওজনত উপলব্ধ হয় ৷

মন কৰিব লগীয়া যে, চুবুৰীয়া দেশখনৰ সৈতে ভৰতবৰ্ষৰ 4906 কিলোমিটাৰ দীঘল সীমান্ত পৃথিৱীৰ ভিতৰতে পঞ্চম সবাটোকৈ দীঘল স্থল সীমা হিচাপে বিবেচিত ৷ ইয়াৰে ভিতৰত 262 কিলোমিটাৰ সীমা অসমৰ সৈতে, 856 কিলোমিটাৰ ত্ৰিপুৰাৰ সৈতে, 318 কিলোমিটাৰ মিজোৰামৰ সৈতে, 416 কিলোমিটাৰ মেঘালয়ৰ সৈতে আৰু পশ্চিমবংগৰ সৈতে 2,217 কিলোমিটাৰ দীঘল স্থল সীমা সাঙোৰ খাই আছে ৷

লগতে পঢ়ক : তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি অভিজিৎ মুখাৰ্জীয়ে ?

Last Updated : Jul 6, 2021, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.