ETV Bharat / bharat

দিল্লী হিংসাৰ গোচৰত শ্বাৰ্জিল ইমামৰ জামিন মঞ্জুৰ - দিল্লী হিংসা 2019

শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ২০১৯ চনৰ ১৩ আৰু ১৪ ডিচেম্বৰত জামিয়া বিশ্ববিদ্যালয়ত হিংসাত্মক ঘটনা(Jamia violence case) সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷

Sharjeel Imam granted bail in Jamia violence case
জামিয়া হিংসাৰ গোচৰত শ্বাৰ্জিল ইমামৰ জামিন মঞ্জুৰ
author img

By

Published : Dec 9, 2021, 10:49 PM IST

নিউজ ডেস্ক, 9 ডিচেম্বৰ : ২০১৯ চনৰ ডিচেম্বৰৰ দিল্লী হিংসাৰ অভিযুক্ত শ্বাৰ্জিল ইমাম ইমাম(Sharjeel Imam granted bail)ক দিল্লীৰ সাকেত আদালতে বৃহস্পতিবাৰে এটা গোচৰত জামিন প্ৰদান কৰিছে । মুখ্য মেট্ৰ'পলিটান দণ্ডাধীশ দিনেশ কুমাৰে শ্বাৰ্জিল ইমামৰ জামিন আবেদন মঞ্জুৰ কৰে । ন্যায়ালয়ে শ্বাৰ্জিল ইমামৰ জামিন আবেদনৰ শুনানী গ্ৰহণ কৰি কয় যে, তদন্তৰ সময়ত অভিযুক্তগৰাকীক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল । সেই কাৰণে তেওঁ জামিনৰ অধিকাৰী । আদালতে শ্বাৰ্জিল ইমামক ২৫,০০০ টকাৰ বণ্ডত জামিন আবেদন মঞ্জুৰ কৰে ৷

উল্লেখ্য যে, শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ২০১৯ চনৰ ১৩ আৰু ১৪ ডিচেম্বৰত জামিয়া বিশ্ববিদ্যালয়ত হিংসাত্মক ঘটনা(Jamia violence case) সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই সন্দৰ্ভত ১৪ জন লোকক অভিযুক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৪৩, ১৪৭, ১৪৮, ১৪৮, ১৪৯, ১৮৬, ৩৫৩, ৩৩২, ৩৩৩, ৩০৮, ৪২৭, ৪৩৫, ৩২৩, ৩৪১, ১২০বি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।

সাকেত আদালতে ইয়াৰ পূৰ্বে ২২ অক্টোবৰত শ্বাৰ্জিল ইমামৰ জামিন আবেদন আন এটা গোচৰত নাকচ কৰিছিল । অতিৰিক্ত সত্ৰ ন্যায়াধীশ অনুজ আগৰৱালে কৈছিল যে শ্বাৰ্জিল ইমামৰ ভাষণ বিভাজনকাৰী আছিল, যি সমাজত শান্তি আৰু সম্প্ৰীতিক প্ৰভাৱিত কৰিব । শ্বাৰ্জিল ইমামে ইয়াৰ বিৰুদ্ধে ইতিমধ্যে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে ।

লগতে পঢ়ক : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰা হ'ল শ্বাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.