ETV Bharat / bharat

Sharad Pawar resignation : পদত্যাগৰ সিদ্ধান্ত বিবেচনাৰ বাবে সময় ল’লে শাৰদ পাৱাৰে

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰৰ পদত্যাগ প্ৰত্যাখ্যান কৰিছে মূল সমিতিয়ে (NCP rejects Sharad Pawar resignation)। মূল সমিতিৰ প্ৰস্তাৱ বিবেচনা কৰিবলৈ দুদিনৰ সময় বিচাৰিছে শৰদ পাৱাৰে । নেতাগৰাকীক পদত্যাগ নকৰিবলৈ অনুৰোধ দলীয় নেতা-কৰ্মীৰ ।

author img

By

Published : May 5, 2023, 3:50 PM IST

Sharad Pawar resignation
পদত্যাগৰ সিদ্ধান্ত বিবেচনাৰ বাবে সময় ল'লে শৰদ পাৱাৰে

নেশ্যনেল ডেস্ক,৫ মে' : নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতিৰ পদৰ পৰা শাৰদ পাৱাৰৰ পদত্যাগক লৈ দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা অব্যাহত আছে (Sharad Pawar resignation)। ইয়াৰ মাজতে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মূল সমিতিয়ে শাৰদ পাৱাৰৰ পদত্যাগ প্ৰত্যাখ্যান কৰিছে । অৱশ্যে সমিতিয়ে পদত্যাগ প্ৰত্যাখ্যান কৰাৰ কেইঘণ্টামান পাচতে প্ৰবীণ নেতাগৰাকীয়ে মূল সমিতিৰ প্ৰস্তাৱটো বিবেচনা কৰিবলৈ সময় বিচাৰিছে । শাৰদ পাৱাৰে জনোৱা মতে তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ দুদিন সময় ল'ব (NCP Chief seeks time to consider resignation)।

ইফালে দলৰ সভাপতি পদৰ পৰা শাৰদ পাৱাৰৰ পদত্যাগৰ কথা বিবেচনা কৰি এনচিপিৰ মূল সমিতিয়ে জ্যেষ্ঠ নেতা আৰু দলৰ প্ৰতিষ্ঠাপকগৰাকীক শীৰ্ষস্থানত থাকিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল ।

সংবাদ মাধ্যমৰ সন্মুখত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ উপ-সভাপতি প্ৰফুল পেটেলে কয় যে শাৰদ পাৱাৰে মঙলবাৰে পদত্যাগৰ কথা ঘোষণা কৰাৰ পাচত দলৰ নতুন সভাপতি নিৰ্বাচনৰ বাবে দলৰ নেতাসকলৰ এখন সমিতি গঠন কৰা হৈছিল । বৈঠকত এক সৰ্বসন্মত প্ৰস্তাৱ গৃহীত হৈছিল য’ত শাৰদ পাৱাৰৰ পদত্যাগ নাকচ কৰা হৈছিল (NCP rejects Sharad Pawar resignation)।

পেটেলে লগতে কয় যে শাৰদ পাৱাৰে দলৰ আন সদস্যসকলক অৱগত নকৰাকৈয়ে পদত্যাগৰ সিদ্ধান্ত লৈছিল । এনচিপি নেতাসকলৰ উপৰিও সমগ্ৰ দেশৰ ৰাজনৈতিক দলৰ নেতাসকলে তেওঁক পদত্যাগ নকৰিবলৈ অনুৰোধ জনাইছে (Praful Patel on NCP Chief resignation)। ইয়াৰ মাজতে শাৰদ পাৱাৰৰ অনুগামী তথা দলীয় কৰ্মীসকলক আৱেগিক হোৱা দেখা গৈছে । জ্যেষ্ঠ নেতাগৰাকীক একেটা পদতে থাকিবলৈ কৰ্মীসকলে অনুৰোধ জনাইছে ।

উল্লেখ্য যে এনচিপিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰে মঙলবাৰে দলটোৰ সভাপতি পদ ত্যাগ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । তেওঁৰ এই সিদ্ধান্তই ১৯৯৯ চনতে গঠন হোৱা দলটোৰ নেতা আৰু কৰ্মীসকলক আচৰিত কৰি তোলে । লগে লগে দলৰ নেতাকৰ্মীসকলে শাৰদ পাৱাৰক সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :Sharad Pawar resignation : শৰদ পাৱাৰৰ পদত্যাগ প্ৰত্যাখ্যান এনচিপিৰ মূল সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.