ETV Bharat / bharat

Sharad Pawar Slams BJP : বিজেপিৰ প্ৰতীক পদুমৰ পৰা ৱাছিং মেচিনলৈ সলনি কৰা উচিত: শাৰদ পাৱাৰ

Addressing the NCP Extended Working Committee at the Constitution Club of India here, the former Union Minister attacked the BJP for misusing central probe agencies to settle political scores. -- Reports ETV Bharat's Saurabh Sharma.

Sharad Pawar Slams BJP
Sharad Pawar Slams BJP
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 8:46 PM IST

নিউজ ডেস্ক, ৫ অক্টোবৰ : নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ (এনচিপি) বিদ্ৰোহী গোটৰ ওপৰত নিৰ্বাচন আয়োগৰ শুনানিৰ এদিন পূৰ্বে দলৰ সভাপতি শাৰদ পাৱাৰে বৃহস্পতিবাৰে কয়, "বিজেপিয়ে নিৰ্বাচনী প্ৰতীক 'পদুম'ৰ পৰা 'ৱাছিং মেচিন'লৈ সলনি কৰা উচিত । কিয়নো দুৰ্নীতিগ্ৰস্ত বুলি কোৱা নেতাসকলৰ যথেষ্ট উদাহৰণ আছে, কিন্তু গেৰুৱা দলত যোগদান কৰাৰ লগে লগে তেওঁলোক 'নিকা' হৈ পৰে ।"

ভাৰতীয় সংবিধান ক্লাবত এনচিপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সমিতিক সম্বোধন কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে বিজেপিয়ে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ অপব্যৱহাৰ কৰা বুলি বিজেপিক তীব্ৰ আক্ৰমণ কৰে । "কোনোবাই এটা দশক পূৰ্বে ইডি বা চিবিআইৰ বিষয়ে শুনিছিল নেকি ? ইয়াৰ অৰ্থ এইটো নহয় যে এই সংস্থাবোৰ কেতিয়াও নাছিল । কিন্তু তেওঁলোকক কেতিয়াও ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল । কিন্তু মোদী শাসনৰ অধীনত এই সংস্থাবোৰক বাছনি কৰি বিৰোধী আৰু সংবাদ মাধ্যমক লক্ষ্য কৰিবলৈ ব্যৱহাৰ কৰা হৈছে ।" পাৱাৰে কয় ।

আনহাতে, এনচিপিৰ ভিতৰৰ বিভাজনৰ বাবে শাৰদ পাৱাৰৰ নেতৃত্বাধীন গোটটোক ৰাজনৈতিক সংকটত পেলোৱা বিষয়ত প্ৰবীণ ৰাজনীতিবিদজনে কয়, "এই ৮ গৰাকী মন্ত্ৰীক যেনেদৰে মন্ত্ৰীৰ দপ্তৰ দিয়া হৈছিল, সমগ্ৰ দেশে ইয়াক প্ৰত্যক্ষ কৰিছিল । এতিয়া তেওঁলোকে দাবী কৰিছে যে এনচিপি আৰু ইয়াৰ প্ৰতীকৰ ওপৰত তেওঁলোকৰ কৰ্তৃত্ব আছে । মই আপোনালোকক কওঁ যে যেতিয়া তেওঁলোক সকলোৱে মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, তেওঁলোক সকলোৱে মোক লগ কৰিবলৈ আহিছিল । সেই সময়ত তেওঁলোকে মোক কৈছিল যে তেওঁলোকক ইডিয়ে ভাবুকি দিছিল আৰু তেওঁলোকক হয় বিজেপিত যোগদান কৰিবলৈ বা ইডিৰ ক্ৰোধৰ সন্মুখীন হ'বলৈ কোৱা হৈছিল ।"

উল্লেখ্য যে ২ জুলাইত তেওঁৰ ভতিজাক অজিত পাৱাৰ আৰু আঠজন বিধায়কে মহাৰাষ্ট্ৰৰ একনাথ সিন্দে চৰকাৰত যোগদান কৰাৰ পিছত শাৰদ পাৱাৰে প্ৰতিষ্ঠা কৰা এনচিপি বিভক্ত হয় । যাৰ ফলত মহাৰাষ্ট্ৰত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হয় । ৬ অক্টোবৰত নিৰ্বাচন আয়োগে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব আৰু ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে । এনচিপিৰ আবেদন সন্দৰ্ভত পাৱাৰে কয় যে তেওঁ আশা কৰিছে যে নিৰ্বাচন আয়োগে ন্যায় প্ৰদান কৰিব । তেওঁ কয়, "সকলোৰে দৃষ্টি নিৰ্বাচনী পেনেলৰ ওপৰত আছে ।"

"সকলোৱে জানে এনচিপিৰ নেতা কোন । কিন্তু কিছুমান লোক আছে যিয়ে এই দলটো আৰু ইয়াৰ প্ৰতীকটো দখল কৰিব বিচাৰে । কিন্তু তেওঁলোকে প্ৰতীকটো কাঢ়ি নিলেও মানুহে আমাক সমৰ্থন কৰি থাকিব । মানুহক বুৰ্বক বনাব নোৱাৰি ।" জ্যেষ্ঠ পাৱাৰে কয় ।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰি তেওঁ কয় যে তেওঁ ইন্দিৰা গান্ধী, এইচ ডি দেৱগৌড়া, পি ভি নৰসিংহ ৰাও আৰু মোৰাৰজী দেশাইকে ধৰি পূৰ্বৰ কেইবাজনো প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰিছে । "তেওঁলোকে কেতিয়াও কোনো উন্নয়ন সম্পৰ্কীয় প্ৰকল্প উদ্বোধন কৰাৰ সময়ত কোনো ৰাজনৈতিক ভাষণ দিয়া নাছিল, সেয়া ৰে'ললাইন, ৰে'ল বা প্ৰতিৰক্ষা সম্পৰ্কীয় প্ৰকল্পই নহওক কিয় । কিন্তু যেতিয়াই প্ৰধানমন্ত্ৰী মোদী যায়, তেওঁ ৰাজনৈতিক ভাষণ দিয়ে ।" পাৱাৰে কয় ।

লগতে পঢ়ক :MP upcoming election : মধ্যপ্ৰদেশত ৰাজহুৱা সভা সম্বোধন প্ৰিয়ংকা গান্ধীৰ, ইডিৰ অভিযানক লৈ বিজেপিক সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.