ETV Bharat / bharat

NCP Chief Sharad Pawar on rebellion : এনচিপিৰ বিভাজনক লৈ শৰদ পাৱাৰৰ স্পষ্টীকৰণ - Maharashtra coup

অজিত পাৱাৰ আৰু বিদ্ৰোহী নেতাৰ বিৰুদ্ধে এনচিপি দলে ব্যৱস্থা গ্ৰহণ কৰিব । এই বিদ্ৰোহত শৰদ পাৱাৰৰ কোনো আশীৰ্বাদ নাছিল । দেশত সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰা বাহিনীৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাইজক আহ্বান শৰদ পাৱাৰৰ ।

NCP Chief Sharad Pawar on rebellion
এনচিপিৰ বিভাজনক লৈ শৰদ পাৱাৰৰ স্পষ্টীকৰণ
author img

By

Published : Jul 3, 2023, 5:31 PM IST

নেশ্যনেল ডেস্ক,৩ জুলাই : বিদ্ৰোহী অজিত পাৱাৰ আৰু নেতাসকলৰ ওপৰত শৰদ পাৱাৰৰ আশীৰ্বাদ আছে বুলি এক বিতৰ্ক আৰম্ভ হৈছে । বহুতে দাবী কৰা মতে এই বিদ্ৰোহ শৰদ পাৱাৰৰ নেতৃত্বতে হৈছে । কিন্তু এই সকলো অভিযোগ নস্যাৎ কৰে শৰদ পাৱাৰে । এনচিপিৰ মুৰব্বী পাৱাৰে কয় যে দলত্যাগ কৰা আৰু দেওবাৰে শপত গ্ৰহণ কৰা বিধায়কসকলৰ বিৰুদ্ধে দলটোৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব ।

সাটাৰাত এখন সংবাদমেল সম্বোধন কৰি শৰদ পাৱাৰে কয় যে তেওঁ এনচিপি শক্তিশালী কৰিবলৈ আৰু দলীয় কৰ্মীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ ৰাজ্যব্যাপী ভ্ৰমণ আৰম্ভ কৰিছে । কেইজনমান নেতাৰ কাৰ্যকলাপৰ দ্বাৰা তেওঁ বিচলিত নহয় । মন্ত্ৰীসভাত শপত গ্ৰহণ কৰা বিধায়কসকলৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা লোৱাৰ অধিকাৰ ৰাজ্যিক সভাপতি জয়ন্ত পাটিলৰ আছে বুলিও তেওঁ উল্লেখ কৰে ।

অজিত পাৱাৰৰ বিদ্ৰোহত তেওঁ সমৰ্থন আছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এইটো এটা অৰ্থপূৰ্ণ কথা । কেৱল তল খাপৰ চিন্তা কৰা লোকেহে তেনে কথা ক'ব পাৰে বুলি তেওঁ দাবী কৰে ।

তেওঁ লগতে কয় যে অজিত পাৱাৰ শিবিৰৰে বহুতে তেওঁক ফোন কৰিছিল আৰু কৈছিল যে তেওঁলোকৰ আদৰ্শ এনচিপিতকৈ পৃথক নহয় আৰু তেওঁলোকে অহা কেইদিনমানৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল'ব ।

শৰদ পাৱাৰে লগতে কয় যে মহাৰাষ্ট্ৰ আৰু দেশত সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰা বাহিনীৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰয়োজন আছে । এনচিপিৰ কিছুমান লোক আন দল ভাঙিবলৈ বিজেপিৰ কৌশলৰ চিকাৰ হৈছে বুলিও তেওঁ সন্দেহ কৰে ।

উল্লেখ্য যে কাৰাডত শৰদ পাৱাৰে তেওঁৰ পৰামৰ্শদাতা আৰু মহাৰাষ্ট্ৰৰ প্ৰথম মুখ্যমন্ত্ৰী যশৱন্তৰাও চৱনৰ স্মাৰক পৰিদৰ্শন কৰে আৰু পুষ্পাঞ্জলি জ্ঞাপন কৰে । ৮২ বছৰীয়া নেতাগৰাকীয়ে গুৰু পূৰ্ণিমা উপলক্ষে স্বৰ্গীয় চৱনৰ স্মাৰক 'প্ৰীতিসঙ্গম'লৈ যোৱাটো তেওঁৰ শক্তি প্ৰদৰ্শন হিচাপে দেখা গৈছে । ভতিজাক অজিত পাৱাৰে এনচিপিত উলম্ব বিভাজনৰ নেতৃত্ব দিয়াৰ এদিন পাছতে শৰদ পাৱাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে ।

এনচিপিয়ে ৰাজ্যখনত এক সহমত সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই অভিযানৰ আৰম্ভণি কাৰাডৰ পৰা আৰম্ভ হৈছে বুলিও তেওঁ উল্লেখ কৰে । বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে এয়া কেৱল মহাৰাষ্ট্ৰতে নহয়, আন ৰাজ্যতো বিভাজনৰ ৰাজনীতি কৰি আছে । কমলনাথৰ নেতৃত্বত মধ্য প্ৰদেশ চৰকাৰক একে ধৰণে উৎখাত কৰা হৈছিল আৰু সাম্প্ৰদায়িকতাক উৎসাহিত কৰা চৰকাৰখন শাসনলৈ আহিছিল ।

লগতে পঢ়ক :Maharashtra Coup : মহাৰাষ্ট্ৰৰ অভ্যুত্থানৰ পিছতে অচলাৱস্থা বিৰোধী ঐক্যত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.