ETV Bharat / bharat

Kerala train arson case : ন্যায়িক জিম্মালৈ প্ৰেৰণ কেৰালাত ৰে’লত জুই দিয়া ঘটনাৰ মূল অভিযুক্তক

author img

By

Published : Apr 7, 2023, 6:54 PM IST

ফৰেনচিক প্ৰতিবেদন অনুসৰি কেৰালাত ৰে'লত অগ্নিসংযোগৰ ঘটনাৰ মূল অভিযুক্ত শ্বাহৰুখ চৈঈফৰ শৰীৰত চাৰি দিন পুৰণি জুইয়ে পোৰা আঘাত আছে (Forensic report of injuries of Shahrukh Saifi)। তেওঁক মুখ্য ন্যায়িক দণ্ডাধীশে ২০ এপ্ৰিললৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । কোজিকোডে চিকিৎসা মহাবিদ্যালয়ৰ পৰাই আদালতৰ কাৰ্যক্ৰম সম্পূৰ্ণ কৰা হয় ।

Kerala train fire case
ঘটনাৰ অভিযুক্ত শ্বাহৰুখ চৈঈফক ন্যায়িক জিম্মালৈ প্ৰেৰণ

নেশ্যনেল ডেস্ক,৭ এপ্ৰিল : কেৰালাৰ ৰে'লত অগ্নিসংযোগৰ গোচৰৰ অভিযুক্ত শ্বাহৰুখ চৈঈফক ন্যায়িক জিম্মালৈ প্ৰেৰণ (Kerala Train fire case)। মুখ্য ন্যায়িক দণ্ডাধীশে কোজিকোডে চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ আদালতৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে আৰু অভিযুক্ত জনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে (Kerala Train fire case accused remanded)। কেৰালা আৰক্ষীয়ে অভিযুক্তজনক মহাৰাষ্ট্ৰৰ ৰত্নগিৰিৰ পৰা কেৰালালৈ লৈ আহে । য'ত তেওঁৰ চিকিৎসা কৰা হয় ।

ন্যায়াধীশৰ সন্মুখত শ্বাহৰুখ চৈঈফৰ চিকিৎসাৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । যকৃতৰ পৰীক্ষাও স্বাভাৱিক আছিল । এল.এফ.টি. প্ৰতিবেদন অনুসৰি, কোনো গুৰুতৰ স্বাস্থ্য সমস্যা নাই চৈফিৰ । আনহাতে চিকিৎসা পৰিষদে প্ৰেৰণ কৰা অভিযুক্তজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত লোৱা হয় ।

ইয়াৰ লগে লগে শ্বাহৰুখ চৈঈফক কাৰাগাৰলৈ স্থানান্তৰ কৰা হ'ব । সম্প্ৰতি তদন্তকাৰী দলটোৱে শুকুৰবাৰৰ ভিতৰত আদালতত জিম্মাৰ বাবে আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে (Investigation on Kerala Train fire case)। সোধা-পোছাৰ অন্তত তদন্তকাৰী দলে প্ৰথমে জ্বলি যোৱা আলাপুঝা-কুন্নুৰ এক্সিকিউটিভ এক্সপ্ৰেছৰ ডি১ আৰু ডি২ ডবা লৈ গৈ প্ৰমাণ সংগ্ৰহ কৰাৰ লক্ষ্য ৰাখিছে ।

ফৰেনচিক প্ৰতিবেদনত কোৱা হৈছে যে অভিযুক্তজনৰ শৰীৰত আঘাতৰ দাগ প্ৰায় চাৰি দিন পুৰণি । অনুসন্ধানকাৰী দলটোৱে সন্দেহ কৰিছিল যে, অভিযুক্তজনে চলন্ত ৰে'লৰ পৰা পৰি আঘাতপ্ৰাপ্ত হ'ব পাৰে (Kerala train fire case accused arrested)। অভিযুক্তজনে আজমেৰলৈ পলোৱাৰ চেষ্টা কৰি থাকোতে ৰত্নগিৰিত ৰে'লৰ পৰা বাগৰি পৰিছিল ।

অৱশ্যে সন্দেহৰ কথাটো হৈছে অভিযুক্তজনক কোনোৱে বাহিৰলৈ ঠেলি দিছিল নেকি আৰু তেওঁক হত্যা কৰাৰ চেষ্টা কৰিছিল নেকি । আঘাতৰ প্ৰতিবেদনৰ পাছতে বিভিন্ন মহলত প্ৰশ্ন উঠিছে । সন্দেহ কৰা মতে তেওঁৰ আৰু সহযোগী আছে । ইফালে, চিকিৎসা প্ৰতিবেদনত কোৱা হৈছে যে জুইয়ে পোৰা আঘাত অতি সামান্য আৰু এক শতাংশতকৈও কম ।

লগতে পঢ়ক :Manish Sisodia letter to PM Modi : কাৰাগাৰৰ পৰাই প্ৰধানমন্ত্ৰীলৈ চিঠি মনীষ চিছোদিয়াৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.