ETV Bharat / bharat

Wrestlers Protest : ব্ৰীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ এমপি এমএলএ আদালতলৈ স্থানান্তৰ - Wrestlers Protest

বিজেপি সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ শুনানি বৃহস্পতিবাৰে ২৭ জুনলৈ স্থগিত ৰখা হয় । সাংসদগৰাকীৰ বিৰুদ্ধে মহিলা মল্লযুঁজাৰুসকলে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল ।

Wrestlers Protest
ব্ৰীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ এমপি এমএলএ আদালতলৈ স্থানান্তৰ
author img

By

Published : Jun 22, 2023, 4:08 PM IST

স্পৰ্টছ ডেস্ক,২২ জুন : ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰত দাখিল কৰা অভিযোগনামাৰ শুনানি পিছুৱাই দিয়া হৈছে । লগতে, এই গোচৰটো এমপি-এমএলএ আদালতলৈ স্থানান্তৰ কৰা হৈছে । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতত শুনানিৰ সময়ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট মহিমা ৰায় সিঙে দিল্লী আৰক্ষীক প্ৰশ্ন কৰিছিল পস্কোৰ বাবে বাতিলকৰণৰ আবেদন পৃথকে দাখিল কৰা হৈছে নেকি । অতিৰিক্ত মুখ্য মেট্ৰ'পলিটান মেজিষ্ট্ৰেট হৰজিৎ সিং যশপালৰ ইতিমধ্যে এজাহাৰ আৱণ্টন কৰা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে ?

এই সন্দৰ্ভত আৰক্ষী বিষয়া উপেন্দ্ৰ সিঙে আদালতক কয় যে পাটিয়ালা হাউচ আদালতৰ পস্কো গোচৰত বাতিলকৰণৰ আবেদন দাখিল কৰা হৈছে । অৱশ্যে ইয়াৰ পাছত শুনানি কিছু সময়ৰ বাবে স্থগিত ৰখা হয় ।

পুনৰ শুনানি আৰম্ভ হোৱাৰ পাছত ন্যায়াধীশ মহিমা ৰায় সিঙে গোচৰটো এমপি-এমএলএ আদালতলৈ স্থানান্তৰ কৰে । এতিয়া ৰাউজ এভিনিউ আদালতৰ হৰজিৎ সিং যশপালৰ আদালতে এই গোচৰটোৰ শুনানি ল'ব । অভিযোগনামাৰ পৰৱৰ্তী শুনানি ২৭ জুনত গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে ১৫ জুনত, দিল্লী আৰক্ষীয়ে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল ।

উল্লেখ্য যে মহিলা মল্লযুঁজাৰু বিনেশ ফোগাট আৰু সাক্ষী মালিকে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । মল্লযুঁজাৰুসকলে ২৩ এপ্ৰিলত যন্তৰ মন্তৰত তেওঁলোকৰ অৱস্থান পুনৰ আৰম্ভ কৰিছিল । ইয়াৰ পাছত, আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰাৰ পাছত এই মল্লযুঁজাৰুসকলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল । তাৰ পাছত উচ্চতম ন্যায়ালয়ে বিষয়টোত গুৰুত্ব আৰোপ কৰে আৰু দিল্লী আৰক্ষীক গোচৰটো পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছিল । ইফালে ক্ৰীড়া মন্ত্ৰীয়ে প্ৰতিবাদকাৰীসকলক সাক্ষাৎ কৰিছিল আৰু মন্ত্ৰীগৰাকীয়ে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগনামা ১৫ জুনৰ ভিতৰত দাখিল কৰাৰ আশ্বাস প্ৰদান কৰিছিল ।

লগতে পঢ়ক :Wrestlers Protest : এছিয়ান গেমছৰ অনুশীলন; ছাই কেন্দ্ৰলৈ উভতিল বজৰং পুনিয়াসহ ৩ মল্লযোদ্ধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.