নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দিল্লী আৰক্ষীৰ গুৰুত্বপূৰ্ণ ঘোষণা । শীঘ্ৰে দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুৰ এজাহাৰ পঞ্জীয়ন কৰিব (Delhi police to register case against WFI chief)। দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ক আৰক্ষীয়ে অৱগত কৰিছে যে, ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ৭ গৰাকী মহিলা মল্লযুঁজাৰুৰ দ্বাৰা উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ ওপৰত শুকুৰবাৰে এখন এজাহাৰ পঞ্জীয়ন কৰাৰ সিদ্ধান্ত লৈছে ।
দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহক লৈ গঠিত এখন বিচাৰপীঠক কয় যে শুকুৰবাৰে অৰ্থাৎ আজি এজাহাৰখন পঞ্জীয়ন কৰা হ'ব (Delhi Police on wrestlers allegation)।
মেহতাই কয় যে, দিল্লী আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰাৰ সিদ্ধান্ত লৈছে । ৭ গৰাকী মহিলা মল্লযুঁজাৰুৱে আদালতত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সময়তে এই কথা প্ৰকাশ কৰিছে । বিচাৰপীঠে দিল্লী আৰক্ষী আয়ুক্তক ভাবুকিৰ ধাৰণাটোৰ মূল্যাংকন কৰিবলৈ আৰু যৌন নিৰ্যাতনৰ কথিত ভুক্তভোগী এগৰাকী নাবালিকাক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে ।
উল্লেখ্য যে, দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলে বিষয়টোক লৈ দেওবাৰৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত এক প্ৰতিবাদ অব্যাহত ৰাখিছে (Wrestlers protest against WFI President)। ইফালে প্ৰতিবাদত অংশ লৈ তাৰকা মল্লযুঁজাৰু বজৰংগ পুনিয়াৰ পত্নী সংগীতা ফোগটে সংবাদ মাধ্যমক কয় যে, মল্লযুঁজাৰুসকলে প্ৰতিবাদ অব্যাহত ৰাখিব আৰু ন্যায়ৰ বাবে যুঁজ দি যাব ।
ইফালে প্ৰাক্তন ক্ৰীড়বিদ তথা বৰ্তমানৰ সাংসদ পি টি উষাই প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক সমালোচনা কৰা দেখা গৈছে । মল্লযুঁজাৰুসকলে ভাৰতৰ ভাবমূৰ্তি কলংকিত কৰা বুলিও তেওঁ অভিযোগ কৰিছে । অৱশ্যে তেওঁৰ এই মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে । প্ৰাক্তন খেলুৱৈ পি টি উষাক প্ৰশ্ন কৰি শশী থাৰুৰে কয় যে, বাৰে বাৰে যৌন নিৰ্যাতনৰ সন্মুখীন হৈ তেওঁৰ সহকৰ্মীসকলৰ ন্যায়সংগত প্ৰতিবাদক অৱজ্ঞা কৰাটো উচিত নহয় । তেওঁলোকৰ অধিকাৰৰ বাবে থিয় দিয়াটোৱে ৰাষ্ট্ৰৰ ভাৱমূৰ্তি কলুষিত নকৰে বুলিও তেওঁ কয় ।
ইয়াৰ মাজতে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্বনৰ সভাপতি তথা অভিযুক্ত ব্ৰিজ ভূষণ সিঙে এক ব্যক্তিগত ভিডিঅ' বাৰ্তা মুকলি কৰিছে । তেওঁ অসহায় অনুভৱ কৰা বুলিও ভিডিঅ'টোত উল্লেখ কৰিছে । তেওঁ কয়, "বন্ধুসকল, যিদিনা মই কি লাভ কৰিছিলোঁ বা হেৰুৱাইছিলো তাৰ ওপৰত আত্মনিৰীক্ষণ কৰিছিলো আৰু অনুভৱ কৰো যে, মোৰ আৰু যুঁজ দিয়াৰ শক্তি নাই; যিদিনা মই অসহায় অনুভৱ কৰোঁ, মই মৃত্যু কামনা কৰিম কিয়নো মই তেনেকুৱা জীৱন যাপন নকৰো । এনে জীৱন যাপন কৰাৰ পৰিৱৰ্তে, মই আশা কৰিম যে, মৃত্যুয়ে মোৰ বাবে শ্ৰেষ্ঠ হ'ব ।"
লগতে পঢ়ক : Wrestlers protest : WFIৰ নিৰ্বাচন স্থগিত, অলিম্পিক সংস্থাই গঠন কৰিব সমিতি