ETV Bharat / bharat

Diwali not celebrated in Bathinda: ভাটিণ্ডাৰ কেইবাখনো গাঁৱত বিগত ৫০ বছৰে উদযাপন হোৱা নাই দীপাৱলী - Diwali celebration in India

দীপাৱলীক লৈ দেশজুৰি ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । কিন্তু যোৱা ৫ দশক ধৰি পাঞ্জাৱৰ ভাটিণ্ডাৰ কেইবাখনো গাঁৱৰ ৰাইজে দীপাৱলী উদযাপন কৰিব পৰা নাই । কিন্তু কিয় ?

Diwali not celebrated in Bathinda
ভাটিণ্ডাৰ কেইবাখনো গাঁৱত বিগত ৫০ বছৰে উদযাপন হোৱা নাই দীপাৱলী
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 12:08 PM IST

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ : দেশজুৰি প্ৰতিবছৰে ধুমধামেৰে দীপাৱলী উদযাপন কৰা হয় । পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত ইতিমধ্যে দেশজুৰি পুনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। কিন্তু পাঞ্জাৱৰ কেইবাখনো গাঁৱৰ লোকে যোৱা প্ৰায় ৫০ বছৰ ধৰি দীপাৱলী উদযাপন কৰা নাই ।

ভাটিণ্ডাৰ সমীপৰ ফুছ মাণ্ডি, ভাগু আৰু গুলাবগড় গাঁৱত যোৱা ৫ দশক ধৰি দীপাৱলী উদযাপন কৰা হোৱা নাই । প্ৰশাসনৰ নিৰ্দেশনাৰ বাবে লোকসকলে এই উৎসৱ উদযাপনৰ পৰা বিৰত আছে । উল্লেখ্য যে অঞ্চলটোৰ সমীপতে আছে সেনা চাউনি আৰু তেলৰ ভাণ্ডাৰ । যাৰ বাবে এই গাঁৱবোৰত আতচবাজী আৰু খেৰ আদি জ্বলোৱা কঠোৰভাৱে নিষিদ্ধ । যদি কোনোবাই এনে কৰে, জিলা প্ৰশাসনে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । আনকি দীপাৱলীৰ পূৰ্বেও জিলা প্ৰশাসনে এই অঞ্চলত আতচবাজী আৰু খেৰ আদি জ্বলোৱাৰ ক্ষেত্ৰত ৰাইজক বাধা দিয়াৰ লগতে সজাগ কৰি দিয়ে ।

অঞ্চলটোৰ লোকসকলৰ মতে তেওঁলোকে যোৱা ৫ দশক ধৰি দীপাৱলী উদযাপন কৰা নাই । যেতিয়া শিশুসকলে আতচবাজীৰ বাবে জোৰ কৰে তেতিয়া তেওঁলোকক দূৰৈৰ আত্মীয়ৰ ঘৰলৈ প্ৰেৰণ কৰা হয় । গাঁৱৰ লোকসকলৰ মতে ১৯৭৬ চনত ভাটিণ্ডাত সেনা চাউনি নিৰ্মাণ কৰা হৈছিল । সেই সময়ত ভাগু, গুলাবগড় আৰু ভুচো গাঁওবোৰো সেনা চাউনি নিৰ্মাণৰ সময়ত অধিগ্ৰহণ কৰা হৈছিল ।

ফুলমাণ্ডি গাঁৱৰ সমীপৰ সেনা চাউনি এটাত গোলাবাৰুদৰ ভাণ্ডাৰ আছে । কেতিয়াবা ম্যাদ উকলি যোৱা গোলাবাৰুদ ধ্বংস হোৱাৰ ফলত গাঁৱত ধ্বংসস্তুপৰ অংশ পৰি যায় । গাঁৱৰ বহু অঞ্চল প্ৰভাৱিত হোৱাও দেখা যায় । ইফালে গাঁৱত নিৰ্মাণ কৰা ঘৰবোৰৰ বিতং মানচিত্ৰও সামৰিক বিষয়াসকলে প্ৰস্তুত কৰে । ইয়াৰ বাহিৰেও, যিকোনো ধৰণৰ নতুন ঘৰ নিৰ্মাণ নিষিদ্ধ কৰা হৈছে । যদি গাঁৱৰ কোনো ব্যক্তিয়ে নিশা পথাৰত পানী গৰম কৰে বা পথাৰত চাহ বনাবলৈ চেষ্টা কৰে, সেনাই লগে লগে উপস্থিত হয় আৰু সোধা-পোচা কৰে ।

এনে পৰিস্থিতিত লোকসকল দীপাৱলী উদযাপন কৰাৰ লগতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । আনকি দীপাৱলীৰ দৰে উৎসৱৰ সময়ত আত্মীয়সকলো এই গাঁওবোৰলৈ আহিবলৈ ভয় কৰে । যাৰ বাবে গাঁৱৰ ৰাইজে প্ৰশাসনক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Sleeper bus catches fire: দিল্লী-গুৰুগ্ৰাম এক্সপ্ৰেছৱেত ভয়ংকৰ অগ্নিকাণ্ড; ২ জন নিহত, ১২ জন আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.