ETV Bharat / bharat

এইকেইখন ৰাজ্যত ভ্ৰমণৰ বাবে বাধ্যতামূলক ক’ভিড পৰীক্ষণৰ ৰিপ’ৰ্ট

author img

By

Published : Apr 19, 2021, 1:12 PM IST

দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰণা সংক্ৰমণৰ ঘটনা ৷ মহাৰাষ্ট্ৰ, দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ সংক্ৰমণে ৷ ক’ভিড সংক্ৰমণ প্ৰতিহত কৰিবলৈ কেইবাখনো ৰাজ্যই নতুনকৈ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷

Several states make COVID negative report mandatory for travellers
এইকেইখন ৰাজ্যত ভ্ৰমণৰ বাবে বাধ্যতামূলক ক’ভিডৰ পৰীক্ষণৰ ৰিপৰ্ট

নিউজ ডেস্ক, 19 এপ্ৰিল : ক’ভিডৰ দ্বিতীয়টো ঢৌৱে বৰ্তমান সমগ্ৰ দেশতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ক’ভিডৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে জাৰি কৰিছে এটাৰ পাচত আন এটা নিষেধাজ্ঞা ৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা যাতে কোনো লোক নতুনকৈ সংক্ৰমিত হ’ব নোৱাৰে তাৰ বাবে অধিক সষ্টম হৈছে চৰকাৰ তথা প্ৰশাসন ৷ সেয়ে বহিঃৰাজ্যৰ পৰা অহা লোকৰ ক্ষেত্ৰত নতুনকৈ নীতি নিৰ্দেশনা জাৰি কৰিছে কেইবাখনো ৰাজ্যৰ চৰকাৰে ৷

কেৰালা : কেৰালাৰ স্বাস্থ্য বিভাগে আন ৰাজ্যৰ পৰা অহা লোকসকলক বাধ্যতামূলক আৰটিপিচিআৰ পৰীক্ষণ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে । এই পৰীক্ষাৰ প্ৰতিবেদন কেৱল ৪৮ ঘণ্টাৰ বাবেহে বৈধ হ'ব । তদুপৰি আৰটিপিচিআৰ পৰীক্ষাৰ ফলাফল নহালৈকে ব্যক্তিজন হোম কোৱাৰেইন্টাইনত থাকিব লাগিব । আনহাতে, আৰটিপিচিআৰ পৰীক্ষা নকৰা লোকে 14 দিন হোম কোৱাৰেন্টাইনত থাকিব লাগিব ।

কৰ্ণাটক : মহাৰাষ্ট্ৰ, কেৰালা, পঞ্জাৱ আৰু ছণ্ডীগড়ৰ পৰা কৰ্ণাটকলৈ ভ্ৰমণ কৰা লোকে আৰটিপিচিআৰ নিগেটিভ ৰিপৰ্ট লগত আনিব লাগিব ৷ অৱশ্যে এই পৰীক্ষণৰ সময় 72 ঘণ্টাৰ অধিক হ’ব নালাগিব । চৰকাৰে জৰুৰীকালীন গোচৰসমূহক ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে । সীমান্ত, ৰেলৱে ষ্টেচন আৰু বিমান বন্দৰত স্বাব পৰীক্ষা বাধ্যতামূলক কৰা হৈছে । অৱশ্যে ৰাজ্যৰ ভিতৰত যাতায়ত কৰা যাত্ৰীসকলক এতিয়ালৈ কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়া নাই কৰ্ণাটক চৰকাৰে ৷

আনহাতে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলে স্ব-স্বাস্থ্য ঘোষণা পত্ৰ দাখিল কৰিব লাগিব আৰু এয়াৰ সুবিধা পৰ্টেলত ক’ভিড-19 নিগেটিভ পৰীক্ষাৰ ৰিপৰ্ট আপলোড কৰিব লাগিব ।

তামিলনাডু : তামিলনাডু চৰকাৰে ৰাজ্যখনত 72 ঘণ্টা সময় অতিক্ৰম কৰা বহিৰাজ্য আৰু বিদেশী যাত্ৰীৰ বাবে ই-পাছ বাধ্যতামূলক কৰিছে ৷

অন্ধ্ৰ প্ৰদেশ : অন্ধ্ৰ প্ৰদেশ চৰকাৰে সীমান্তত কোনো পৰ্যাপ্ত পৰীক্ষণ ব্যৱস্থা কৰা নাই । কিছুমান সীমান্ত পৰীক্ষা চকীত থাৰ্মেল স্ক্ৰীণিঙৰো ব্যৱস্থা নাই চৰকাৰে । কৰ্ণাটক, তামিলনাডু আৰু ওড়িশা সীমান্তৱৰ্তী অঞ্চলৰ পৰা সকলো যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে ৷

তেলেংগানা : তেলেংগানাত ক’ভিডৰ সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি চৰকাৰে বিষয়াসকলক ৰাজ্যখনত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ পৰীক্ষণৰ কঠোৰ নিৰ্দেশ দিছে ৷

চৰ্দি, জ্বৰ আৰু উচ্চ তাপমাত্ৰা থকা কিছুমান লোকক বিষয়াসকলে প্ৰয়োজনীয় সহযোগিতা প্ৰদান কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

মহাৰাষ্ট্ৰ : মহাৰাষ্ট্ৰত চৰকাৰে যাতায়তৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা জাৰি কৰা নাই ৷ অৱশ্যে ঔৰংগাবাদ আৰু জলগাঁৱৰ দৰে কিছুমান জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে।

গুজৰাট : গুজৰাটতো চৰকাৰে আৰটিপিচিআৰ নিগেটিভ পৰীক্ষাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক কৰিছে । ৰাজ্যখনৰ সকলো প্ৰৱেশ দ্বাৰত ক’ভিড পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

বিহাৰ : মহাৰাষ্ট্ৰ, কেৰালা আৰু পঞ্জাৱৰ যাত্ৰীসকলে বিহাৰত প্ৰৱেশ কৰিবলৈ হ’লে লগত ক’ভিড-19 নিগেটিভ ৰিপৰ্ট নিব লাগিব । ৰাজ্যকেইখনৰ যাত্ৰীসকলে ক’ভিড পৰীক্ষাৰ ৰিপৰ্ট লগত নানিলে বিমানবন্দৰ আৰু ৰেল ষ্টেচনত ক’ভিড-19 পৰীক্ষা কৰিব লাগিব । পজিটিভ পৰীক্ষণ কৰাসকলক পৃথক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব ।

ঝাৰখণ্ড : ঝাৰখণ্ড ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে মাস্ক বাধ্যতামূলক । বিমানবন্দৰ, ৰেল ষ্টেচন আৰু বাছ ষ্টেণ্ডত যাত্ৰীসকলৰ থাৰ্মেল স্ক্ৰীণিং কৰা হ’ব । উচ্চ তাপমাত্ৰা থকা যাত্ৰীসকলে ৰেপিড এণ্টিজেন পৰীক্ষা কৰিব লাগিব ।

ৰাজস্থান : ৰাজস্থানত বাহিৰৰ পৰা অহা যাত্ৰীসকলৰ বাবে আৰটিপিচিআৰ পৰীক্ষাৰ ৰিপৰ্ট বাধ্যতামূলক কৰা হৈছে । ৰাজ্যখনৰ সকলো প্ৰৱেশ দ্বাৰত ক’ভিড পৰীক্ষণৰ বাবে বিষয়া-কৰ্মচাৰী নিয়োজিত কৰা হৈছে ।

মধ্য প্ৰদেশ : মধ্য প্ৰদেশত বাহিৰৰ পৰা অহা সকলো লোকেই এসপ্তাহ কোৱাৰেন্টাইনত থাকিব লাগিব । ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি, সকলো জিলাই 'No Certificate No Entry' নিৰ্দেশনা পালন কৰিছে ।

মধ্য প্ৰদেশৰ পেঞ্চ, বান্ধৱগড় আৰু পান্না টাইগাৰ ৰিৰ্জাভ আৰু পাঞ্চমাঢ়ী পাহাৰীয়া অঞ্চলত পৰ্যটকসকলে আৰটিপিচিআৰ পজিটিভ পৰীক্ষা ৰিপৰ্ট দাখিল কৰিব লাগিব ৷ হোটেল আৰু ৰিজৰ্টসমূহক তেওঁলোকৰ অতিথিৰ বিৱৰণ দৈনিক ভিত্তিত স্থানীয় আৰক্ষী চকীত প্ৰদান কৰিব লাগিব ।

ছত্তীশগড় : ছত্তীশগড় চৰকাৰেও আৰটিপিচিআৰ নিগেটিভ পৰীক্ষাৰ ৰিপৰ্ট বাধ্যতামূলক কৰিছে । ৰাজ্যখনত বাছ সেৱাও বহু হ্ৰাস পাইছে ।

উত্তৰ প্ৰদেশ : উত্তৰ প্ৰদেশত আৰোগ্য সেঁতু এপ ডাউনলোড নকৰাকৈ কোনো লোকক ভ্ৰমণৰ অনুমতি দিয়া নহ'ব । কেৰালা আৰু মহাৰাষ্ট্ৰৰ পৰা যাত্ৰা কৰা লোকে ক’ভিড-19 নিগেটিভ ৰিপৰ্ট লগত ৰাখিব লাগিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.