নেশ্যনেল ডেস্ক, 23 আগষ্ট: অভিশপ্ত বুধবাৰ ৷ নেপালৰ বাগমতী প্ৰদেশত এক মাৰ্মান্তিক পথ দুৰ্ঘটনাৰ সংঘটিত হয় ৷ এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰৰ পৰা নৈত বাগৰি পৰাৰ ফলত 8 জন লোক নিহত হোৱাৰ লগতে 15 জন লোক আহত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ কাঠমাণ্ডুৰ পৰা পোখৰালৈ যাত্ৰা কৰি থকা বাছখন ধাদিং জিলাৰ চালিছেৰ ত্ৰিশূলী নদীত বাগৰি পৰে ৷
ইফালে ৰাজ্যখনত বিগত দিনকেইটাত বৰষুণ দি থকাৰ বাবে নদীখন ফেনে ফুটুকাৰে বাঢ়ি আছিল বুলি চৰকাৰী সূত্ৰই জানিবলৈ দিয়ে ৷
এই ঘটনাৰ পিচতে ধাদিং জিলা আৰক্ষী থানাৰ উপ-আৰক্ষী অধীক্ষক সন্তুল প্ৰসাদ জয়েশ্বৰে জানিবলৈ দিয়া মতে, "দুৰ্ঘটনাটোত কমেও আঠজন লোক নিহত হৈছে আৰু 15 জন লোক আহত হৈছে ৷ আগন্তুক সময়ত নিহতসকলৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে ৷ ঘটনাস্থলীত এতিয়াও উদ্ধাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে ৷"এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীলৈ জিলা প্ৰশাসনৰ বিষয়াসকল ততালিকে ৰাওনা হয় ৷
আৰক্ষী বিষয়াজনে দুৰ্ঘটনাটোৰ সন্দৰ্ভত কয় যে, দুৰ্ঘটনাটোৰ সংঘটিত হোৱাৰ পিচতে বাছখন আংশিকভাৱে ত্ৰিশূলী নদীত ডুব গৈছিল ৷ ধাৰাসাৰ বৰষুণৰ বাবে নদীখন জলপৃষ্ঠ বাঢ়ি আহিছিল ৷ ইতিমধ্যে উদ্ধাৰকাৰী দলকেইটাই বাছখনৰ ধ্বংসাৱশেষৰ পৰা জীৱিত বহুতো যাত্ৰীক উলিয়াই আনিবলৈ সক্ষম হৈছে ৷
ঘটনাস্থলীত লোকসকলক জীৱিত উৱস্থাত উদ্ধাৰ কৰিবলৈ উদ্ধাৰ অভিযান অব্যাহত আছে ৷ বাৰিষাৰ সময়ত অবিৰতভাৱে হৈ থকা বৰষুণৰ বাবে নদীখনত সোঁতো অধিক হৈ আছিল ৷
নেপালত ঘাইপথসমূহ বেছিভাগেই পাহাৰ, পৰ্বতেৰে আৱৰি থাকে ৷ সেয়েহে পথসমূহৰ দুৰ্বল চোৱা-চিতাৰ বাবে এননেদৰে পথ দুৰ্ঘটনাসমূহ সংঘটিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: CAPF units to Manipur: মণিপুৰত মোতায়েন কৰা হ’ব 20-22 টাকৈ CAPF ৰ গোট