নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : যোৱা ৩ মে'ত মণিপুৰৰ হিংসা আৰম্ভ হৈছিল । তেতিয়াৰে পৰা ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি উন্নত হোৱা নাই । আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি মণিপুৰক জোকাৰি যোৱা জাতিগত সংঘৰ্ষত প্ৰায় ১৭৫ গৰাকী লোক নিহত হৈছে । ১,১০৮ গৰাকী আহত হোৱাৰ লগতে ৩২ গৰাকী এতিয়াও সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে ।
আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ৰাজ্যখনত মুঠ ৪,৭৮৬ টা ঘৰত অগ্নিসংযোগ কৰা হৈছে আৰু ৩৮৬ টা ধৰ্মীয় স্থান লণ্ডভণ্ড কৰা হৈছে । এখন সংবাদমেল সম্বোধন কৰি আইজিপি (অপাৰেচন) আই কে মুইভাই কয় যে, মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ আৰক্ষীয়ে কেন্দ্ৰীয় বাহিনী আৰু অসামৰিক প্ৰশাসনৰ সৈতে ২৪ ঘণ্টাই চেষ্টা অব্যাহত ৰাখিছে ।
আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে চুৰি হোৱা অস্ত্ৰসমূহৰ ভিতৰত ১,৩৫৯ টা আগ্নেয়াস্ত্ৰ আৰু ১৫,০৫০ টা গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে । তেওঁ অভিযোগ কৰা মতে হিংসাৰ সময়ত প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুটি লৈ গৈছিল । প্ৰায় ৫,১৭২ টা অগ্নিসংযোগৰ ঘটনাৰ তথ্য প্ৰকাশ কৰিছে । ইফালে ৩৮৬ টা ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত ২৫৪ টা গীৰ্জা আৰু ১৩২ টা মন্দিৰ দুৰ্বৃত্তই লণ্ডভণ্ড কৰিছে ।
আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, বিষ্ণুপুৰ জিলাৰ ফুলগাকচাও ইখাইৰ পৰা চুৰাচান্দপুৰ জিলাৰ কাংভাইলৈকে নিৰাপত্তা বেৰিকেড আঁতৰোৱা হৈছে । আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথত নিৰাপত্তা কটকটীয়া কৰি ৰখা হৈছে । ইফালে আইজিপি (প্ৰশাসন) কে জয়ন্তই কোৱা মতে মৃত্যু হোৱা ১৭৫ গৰাকী লোকৰ ভিতৰত ৯ টা মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই । ৭৯ টা মৃতদেহ পৰিয়ালে দাবী কৰিছে যদিও ৯৬ টা মৃতদেহ দাবীহীন হৈ আছে । ৰিমছ আৰু জেএনআইএমএছ (ইম্ফলৰ চিকিৎসালয়)ত ক্ৰমে ২৮ আৰু ২৬ টা মৃতদেহ ৰখা হৈছে । আনহাতে ৪২ টা মৃতদেহ চুৰাচান্দপুৰ চিকিৎসালয়ৰ মৰ্গত আছে ।
আৰক্ষী বিষয়া জয়ন্তই কোৱা মতে ৰাজ্যখনত ৯,৩৩২ টা গোচৰ ৰুজু কৰা হৈছে আৰু ৩২৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইফালে, আইজিপি (জ'ন-৩) নিশিত উজ্জ্বলে কয় যে, ৰাষ্ট্ৰীয় ঘাইপথ-৩২ আৰু ৰাষ্ট্ৰীয় ঘাইপথ-২ত যান-বাহনৰ চলাচল স্বাভাৱিকভাৱে চলি আছে । উত্তৰ-পূবৰ ৰাজ্যখনত ৩ মে'ত জাতিগত হিংসাৰ আৰম্ভণি হৈছিল । মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষৰ ফলতে ৰাজ্যখন উত্তেজনাপূৰ্ণ হৈ পৰিছিল ।
উল্লেখ্য যে, মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই যাৰ বেছিখিনি ইম্ফল উপত্যকাত বাস কৰে । আনহাতে নগা আৰু কুকি ৪০ শতাংশ আছে যাৰ বেছি সংখ্যকে পাহাৰীয়া জিলাত বাস কৰে ।
লগতে পঢ়ক :Nuh Violence updates: নুহ হিংসাত উচতনি যোগোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কংগ্ৰেছ বিধায়ক মামন খানক