ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ বাৰাবাংকীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত 18

মঙলবাৰে নিশা প্ৰায় 1.30ত উত্তৰ প্ৰদেশৰ বাৰাবাংকীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী ট্ৰাকে যাত্ৰীবাহী বাছক খুন্দিওৱাৰ ফলত ঘটনাস্থলীতে 18 জনকৈ লোকে প্ৰাণ হেৰুৱায় ৷

18 killed as bus and truck collide in UP's Barabanki
উত্তৰ প্ৰদেশৰ বাৰাবাংকীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত 18
author img

By

Published : Jul 28, 2021, 7:54 AM IST

নেশ্যনেল ডেস্ক, 28 জুলাই : উত্তৰ প্ৰদেশৰ লক্ষ্নৌ-অযোধ্যা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ দুমহলীয়া এখন বাছক তীব্ৰবেগী ট্ৰাকে পিছৰ পৰা খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় 18 জনকৈ যাত্ৰী ৷ এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন 17 জন যাত্ৰী ৷

আহতসকলক ততাতৈয়াকৈ লক্ষ্নৌ ট্ৰমা চেন্টাৰলৈ প্ৰৰেণ কৰা হৈছে ৷ দুৰ্ঘটনাটো মঙলবাৰে নিশা প্ৰায় 1.30ত সংঘটিত হৈছে ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন হাৰিয়ানৰ পৰা বিহাৰ অভিমুখৈ গৈ থকা বুলি জানিবলৈ দিছে লক্ষ্নৌ জ’নৰ ADG এ ৷

লক্ষ্নৌ জ’নৰ ADG সত্য নাৰায়ন সাবতে কয়, "যোৱা নিশা বাৰাবাংকীৰ ৰাম চনেহী ঘাটৰ ঘাটত তীব্ৰবেগী এখন ট্ৰাকে খুন্দা মাৰে এখন যাত্ৰীবাহী বাছক ৷ দুৰ্ঘটনাটোত 18 জন লোকে প্ৰাণ হেৰুৱাইছে লগতে কেইবাগৰাকীয়ো লোক আহত হৈছে ৷ ইতিমধ্যে 19 জনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ বাছৰ তলত সোমাই থকা মৃতদেহসমূহ উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে ৷"

আৰক্ষীয়ে জনোৱা অনুসৰি, নিশা প্ৰায় 1 বজাত অযোধ্যা সীমান্তৰ কল্যানী নৈৰ দলঙ পাৰ হোৱা সময়তেই বাছখন বিকল হৈ পৰিছিল ৷ বাছখনৰ চালক আৰু হেণ্ডিমেনে বাছখন মেৰামতিৰ বাবে পথৰ কাষত বাছখন ৰখাইছিল ৷ সেই সময়তেই লক্ষ্নৌৰ দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে বাছখনক জোৰে খুন্দিয়ায় ৷ দুৰ্ঘটনাতো ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ অধিকাংশ যাত্ৰীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় ৷

লগতে পঢ়ক-Rajya Sabha : সদনৰ ব্যাঘাত সন্দৰ্ভত উদ্বেগ প্ৰকাশ নাইডুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.