ETV Bharat / bharat

Railway bridge collapsed: নিৰ্মীয়মান ৰে’লৱে দলং খহি মৃত্যু 17 শ্ৰমিকৰ, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 1:07 PM IST

Updated : Aug 23, 2023, 2:15 PM IST

মিজোৰামত মৰ্মান্তিক ঘটনা ৷ নিৰ্মীয়মান ৰে’লৱে দলং এখন হঠাৎ ভাগি পৰাৰ ফলত মৃত্যু 17 জন শ্ৰমিকৰ ৷ ধ্বংসাৱশেষৰ মাজত আৱদ্ধ 40 জন শ্ৰমিক ৷ নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্থিক সাহায্য ঘোষণা ৷

Mizoram latest news
নিৰ্মীয়মান দলং খহি মিজোৰামত মৃত্যু 17 জন শ্ৰমিকৰ

নেশ্যনেল ডেস্ক, 23 আগষ্ট: অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত বুধবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ ৰাজ্যখনৰ বৈৰাবী আৰু চাইৰাং সংযোগী কুৰুং নদীৰ ওপৰৰ এখন নিৰ্মীয়মান ৰে’লৱে দলং এখন হঠাৎ ভাগি পৰে ৷ চৈৰাং অঞ্চলত দিনৰ প্ৰায় 10 বজাত ভাগি পৰে দলংখন ৷

সেইসময়ত দলংখন মেৰামতিৰ কামত নিয়োজিত হৈ আছিল একাংশ শ্ৰমিক ৷ প্ৰাপ্ত তথ্য অনুসৰি এই শোকাৱহ ঘটনাত 17 জন শ্ৰমিকৰ মৃত্যু হয় আৰু অতি কমেও 40 জন শ্ৰমিক বৰ্তমানেও আৱদ্ধ হৈ আছে ধ্বংসাৱশেষৰ মাজত ৷

ঘটনাটো সংঘটিত হোৱাৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X যোগে ঘটনা সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰে ৷ মিজোৰামত এখন দলং দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দুৰ্গত পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰে । মৃতকৰ আত্মীয়লৈ 2 লাখ টকা আৰু আঘাতপ্ৰাপ্তসকলক চিকিৎসাৰ বাবে 50 হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে ।

  • Pained by the bridge mishap in Mizoram. Condolences to those who have lost their loved ones. May the injured recover soon. Rescue operations are underway and all possible assistance is being given to those affected.

    An ex-gratia of Rs. 2 lakh from PMNRF would be given to the…

    — PMO India (@PMOIndia) August 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, প্ৰকল্পটোৰ 196 নং দলঙৰ পি-4 ঘাটৰ উচ্চতা 104 মিটাৰ ৷ যিটো দিল্লীৰ কুটুব মিনাৰতকৈও 42 মিটাৰ ওখ ৷ এই প্ৰকল্প সম্পূৰ্ণ হ’লেই দেশখনৰ বিশাল ৰে’লৱে নেটৱৰ্কৰ সৈতে মিজোৰাম সংযোজিত হোৱাৰ বাট প্ৰশস্ত হ’ব ৷

বুধবাৰে সংঘটিত হোৱা এই শোকাৱহ ঘটনাত নিহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে ৷ উদ্ধাৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক: 15 th BRICS summit : ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ মোদীৰ, আমেৰিকাৰ অৰ্থ ব্যৱস্থাক সমালোচনা চীনৰ

Last Updated : Aug 23, 2023, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.