ETV Bharat / bharat

Kerala blasts: কেৰালাৰ ধাৰাবাহিক বিস্ফোৰণত 3 গৰাকীৰ মৃত্যু, 41 গৰাকী চিকিৎসাধীন

author img

By ANI

Published : Oct 30, 2023, 8:49 AM IST

Updated : Oct 30, 2023, 9:23 AM IST

কেৰালাৰ কালামাচেৰীত এক প্ৰাৰ্থনা সভাত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা তিনিজনলৈ ৷ আনহাতে এই ঘটনা আন কেইবাজনো লোক আহত হয় ৷ ইয়াৰে ছয়জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । এডিজিপি (আইন-শৃংখলা)ৰ নেতৃত্বত এটা বিশেষ দলে এই ঘটনাৰ তদন্ত কৰিব বুলি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে জানিবলৈ দিয়ে ৷

Kerala blasts
Etv Bharat:কেৰালাৰ ধাৰাবাহিক বিস্ফোৰণত 2 গৰাকীৰ মৃত্যু, 41 গৰাকী চিকিৎসাধীন

নেশ্যনেল ডেস্ক, 30 অক্টোবৰ: কেৰালাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে ৷ এই দুৰ্ঘটনাত আহত আন কেইবাজনো লোক বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে ছয়জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । কেৰালাত হোৱা বিস্ফোৰণৰ পাচত ৰাজধানীৰ জনবহুল স্থানসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ৷

উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় 9.00 বজাত কেৰালাৰ কালামাচেৰীত এক প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈ থকাৰ সময়তে ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাৰ পিচতে ডমিনিক মাৰ্টিন নামৰ এজন ব্যক্তিয়ে ত্ৰিচুৰৰ কোডাকাৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰি কেইবাটাও বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে ৷ উক্ত বিস্ফোৰণত কেইবাজনো লোক আহত হৈছিল । সম্প্ৰতি আহত লোকসকলক কোচিৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

কেৰালাৰ এডিজিপি (আইন-শৃংখলা) এম আৰ অজিত কুমাৰে জামৰা আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ, কালামাচেৰীত হোৱা বিস্ফোৰণ সন্দৰ্ভত কয়, "এজন ব্যক্তিয়ে ইতিমধ্যে ত্ৰিচুৰ গ্ৰাম্যৰ কোডাক্ৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে ৷ লোকজনে দাবী কৰা অনুসৰি এই ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা তেওঁ সংঘটিত কৰিছে ৷ লোকজনৰ নাম ডমিনিক মাৰ্টিন ৷ আমি লোকজনৰ কথাৰ সত্যতাসত্যৰ প্ৰমাণ কৰিবলৈ জেৰা অব্যাহত ৰাখিছো ৷ " আৰক্ষীৰ মতে, প্ৰাথমিক অনুসন্ধানৰ তথ্য অনুসৰি বিস্ফোৰণ সংঘটিত কৰিবলৈ আইইডি (ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ) ব্যৱহাৰ কৰা হৈছিল।

এই ঘটনাৰ পিচত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে বিষয়টো তদন্ত কৰিবলৈ 20 জনীয়া তদন্ত দল এটা নিযুক্ত কৰিছে ৷ তেওঁ লগতে উল্লেখ কৰে যে, কালামাচেৰীত যি ঘটনা সংঘটিত হ’ল সেয়া অতি দুৰ্ভাগ্যজনক। সম্প্ৰতি এই ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাত 41 জন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰে 27 জন লোকক এৰ্নাকুলাম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৷ ইয়াৰে এগৰাকী কিশোৰী বুলি জানিব পৰা গৈছে ৷ চিকিৎসাধীন মালায়াতুৰৰ বাসিন্দা 12 বছৰীয়া কিশোৰী লিবিনাই পুৱা প্ৰায় 12.20 বজাত মৃত্যুবৰণ কৰে । 95 শতাংশ দগ্ধ হোৱা লিবিনাক কালামাচেৰী চিকিৎসা মহাবিদ্যালয়ৰ ভেণ্টিলেটৰত চিকিৎসা কৰা হৈছিল।

এতিয়ালৈকে 4 জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। ইয়াতে 3 জন লোকৰ মৃত্যু হৈছে আৰু 5 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে । এডিজিপি (আইন-শৃংখলা)ৰ নেতৃত্বত এটা বিশেষ দলে এই ঘটনাৰ তদন্ত কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে এখন সৰ্বদলীয় বৈঠকো আহ্বান কৰিছে ৷

লগতে পঢ়ক: Andhra Train Accident : ক্ৰচিঙৰ সময়ত দুখন ৰে’লৰ সংঘৰ্ষ, 6 জন যাত্ৰীৰ মৃত্যু

Last Updated : Oct 30, 2023, 9:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.