ETV Bharat / bharat

hathras road accident : হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা; 5 জনৰ মৃত্যু, আহত 16

author img

By

Published : Aug 5, 2023, 8:17 AM IST

শুকুৰবাৰৰ মাজনিশা উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত পথ দুৰ্ঘটনাত 5 জন লোকৰ মৃত্যু হয় । একে সময়তে 16 জন লোক আহত হয় । আহতসকলৰ একাংশক আগ্ৰা চিকিৎসা মহাবিদ্যালয় আৰু এজনক আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

Accident in UP Hathraj
হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 5 আগষ্ট : উত্তৰ প্ৰদেশৰ হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শুকুৰবাৰৰ নিশা প্ৰায় 12 বজাত সাহাপৌ কোটৱালি অঞ্চলৰ সাদাবাদ পথত ট্ৰেক্টৰ-ট্ৰলী আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ট্ৰেক্টৰখনত থকা 5 জন লোকৰ মৃত্যু হয় । প্ৰায় 16 জন লোক আহত হৈছে বুলি জানিবলৈ পৰা গৈছে । আহতসকলৰ ভিতৰত 6 জনক আগ্ৰা চিকিৎসা মহাবিদ্যালয় আৰু এজনক আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

ট্ৰেক্টৰ-ট্ৰলীখন ইটাহ জিলাৰ জলেছাৰৰ পৰা গোৱৰ্ধনলৈ ৰাওনা হৈছিল । ট্ৰেক্টৰ-ট্ৰলীখনত থকা আৰোহীসকল এটা পৰিয়ালৰে আছিল বুলি জানিবলৈ পৰা গৈছে । ট্ৰেক্টৰ-ট্ৰলীখনে 50-60 গৰাকী লোক কঢ়িয়াই আনিছিল । ট্ৰেক্টৰ-ট্ৰলীখনে সাহাপৌ কোটৱালি অঞ্চলৰ সদাবাদ পথেৰে আহি থকাৰ সময়তে সন্মুখৰ পৰা অহা এখন ডাম্পাৰৰ সৈতে সংঘৰ্ষ হয় ।

দুৰ্ঘটনাটোৰ ফলত বহু লোক আহত হয় । আহত একাংশক সাদাবাদৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় । একে সময়তে 3 আহতক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । 10 জন আহতক সাদাবাদৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আগ্ৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । একে সময়তে জিলা চিকিৎসালয়ৰ পৰা আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় 16 বছৰীয়া এগৰাকী কিশোৰ পৱন কুমাৰক । আঘাতপ্ৰাপ্ত চুলতান সিং আৰু তেওঁৰ পত্নী ৰামৱতী হাথৰাছৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

দুৰ্ঘটনাটোত ইতিমধ্যে মৃত্যুবৰণ কৰা কেইজন হ’ল কাছগঞ্জৰ আমাপুৰৰ বিক্ৰম, জলেছৰৰ গাধীয়া সক্ৰাউলীৰ মাধুৰী (22), ৱাজিৰপুৰ কোটলা ফিৰোজাবাদৰ হেমলতা (12) আৰু গাধীয়া সক্ৰাউলীৰ লক্ষ্মী (18) আৰু অভিষেক (22) । আগ্ৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা আহতসকলৰ ভিতৰত আছে নৰখী ফিৰোজাবাদৰ বাসিন্দা ৫০ বছৰীয়া বাবুৰাম (50) , কৃষ্ণ কুমাৰ (35) ,পুষ্পা (40) , অংকিত (16) আৰু বৃজেশ (16) ।

সাহপৌ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অমিত কুমাৰে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে । 13 জন আহত সাদাবাদত চিকিৎসাধীন হৈ আছে আৰু আঘাতপ্ৰাপ্ত স্বামী-স্ত্ৰী হাথৰাছৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিচতে আৰক্ষী অধীক্ষক দেৱেশ কুমাৰ পাণ্ডে, চি অ’ গোপাল সিং, সদাবাদৰ উপ-জিলা দণ্ডাধীশ সঞ্জয় কুমাৰ, তহচিলদাৰ অনিল কুমাৰ, তহচিলদাৰ সত্যেন্দ্ৰ চৌধুৰীকে ধৰি অন্যান্য বিষয়াসকলে সদাবাদৰ কমিউনিটি হেল্থ চেণ্টাৰত উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলৰ অৱস্থাৰ বুজ লয় ৷

লগতে পঢ়ক : Nuh violence: শান্তি শৃংখলা বজায় ৰখাৰ আহ্বান হাৰিয়ানাৰ গৃহমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.