ETV Bharat / bharat

Truck Rams Into Wedding Procession : ওড়িশাত দ্ৰুতবেগী ট্ৰাকে মহটিয়ালে বৰযাত্ৰীক, নিহত ৬, আহত ৬ - 6 killed in wedding procession accident in Odisha

দৰা সাজি গৈছিল কইনা আনিবলৈ । তাৰবাবে বৰযাত্ৰীয়ে কৰিছিল কইনাঘৰলৈ পদব্ৰজে যাত্ৰা । কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি । বৰযাত্ৰীৰ হৰ্ষোল্লাস নিমিষতে পৰিণত হয় মৃত্যুৰ কিৰিলিলৈ । দ্ৰুতবেগী ট্ৰাকে বৰযাত্ৰীক মহটিয়াই নিয়াত মৃত্যু হয় ৬ জনৰ । আহত আন ৬ জন । এই মৰ্মান্তিক দুৰ্ঘটনাৰ পিছত কইনাৰ দোলাৰ পৰিৱৰ্তে মৃতদেহৰ সাঙী লৈ ঘৰলৈ উভতে দৰা !

Truck Rams Into Wedding Procession
Truck Rams Into Wedding Procession
author img

By

Published : Jun 28, 2023, 10:48 AM IST

নিউজ ডেস্ক, ২৮ জুন : কইনা আনিবলৈ যোৱা বৰযাত্ৰীৰ আনন্দ-উল্লাসৰ শোভাযাত্ৰা নিমিষতে পৰ্যৱসিত হ'ল মৃত্যু সমদললৈ । বৰযাত্ৰীৰ হৰ্ষোল্লাষ পৰিণত হ'ল মৰণকাতৰ আৰ্তনামদত । এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে ওড়িশাত । ওড়িশাৰ কেওনঝাৰ জিলাত সংঘটিত এক হৃদয়বিদারক ঘটনাত থিতাতে মৃত্যু হয় ৫ জন লোকৰ । আনহাতে, হস্পিটেলত মৃত্যু হয় আন এগৰাকীৰ । আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন ৬ জন লোক । এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথেৰে গৈ থকা বৰযাত্ৰীৰ এটা দলক মহটিয়াই নিয়াৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।

ঘটনাটো সংঘটিত হয় মঙলবাৰে নিশা প্ৰায় ডেৰ বজাত । কেওনঝাৰ জিলাৰ সাতহাইগাৰ চাহীৰ ওচৰৰ ৰাষ্ট্ৰীয় ২০ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হয় ।

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে নিশা প্ৰায় ১ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত এটা বৰযাত্ৰী দলে কইনাৰ ঘৰৰ দিশে খোজকাঢ়ি গৈ আছিল । ঠিক তেনে সময়তে এখন দ্ৰুতবেগী ট্ৰাকে আহি বৰযাত্ৰী দলটোক মহটিয়াই লৈ যায় । এই ভয়ানক দুৰ্ঘটনাটোত ঘটনাস্থলীতে ৫ জন লোক নিহত আৰু ৭ জন আহত হয় । আহতসকলক ততাতৈয়াকৈ কেওনঝাৰ জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পিছত আহত আন এজনৰ মৃত্যু হয় ।

কেওনঝাৰ জিলাৰ সতীগৰ চাহীৰ বাসিন্দা কাৰ্তিক পাত্ৰৰ জীয়ৰীৰ হৰিচন্দনপুৰ খণ্ডৰ অন্তৰ্গত মনপুৰ গাঁৱৰ হাদিবন্ধু পাত্ৰৰ পুত্ৰ হেমন্ত পাত্ৰৰ সৈতে বিবাহ অনুষ্ঠান আছিল । দৰাসহিতে বৰযাত্ৰীসকলে ডিজে সংগীত বজাই ৰাস্তাৰে গৈ আছিল । ঠিক তেতিয়াই এখন ট্ৰাকে কইনাৰ ঘৰৰ পৰা মাত্ৰ কেইমিটাৰমান দূৰৈত বৰযাত্ৰী দলটোক খুন্দা মাৰে ।

যাৰ ফলত ঘটনাস্থলীতে ৫ জন লোকৰ মৃত্যু হয় আৰু ৭ জন লোক গুৰুতৰভাৱে আহত হয় । চিকিৎসাৰ সময়ত কেওনঝাৰ জিলা সদৰ চিকিৎসালয়ত আন এজনৰ মৃত্যু হয় । উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । স্থানীয় লোকসকলে ২০ নং ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰে । তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথটোত এখন অ'ভাৰব্ৰীজৰো দাবী জনায় । তাতোকৈ মৰ্মান্তিক কথাটো হৈছে, উক্ত দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত দৰাজনে বিয়া নোহোৱাকৈয়ে ঘৰলৈ উভতি আহে ।

লগতে পঢ়ক :Manipur Violence : মণিপুৰৰ হিংসাত ম্যানমাৰৰ মাজেৰে সৰবৰাহ কৰা অস্ত্ৰ ব্যৱহাৰ; চোৰাংচোৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.