ETV Bharat / bharat

Nuh violence: শান্তি শৃংখলা বজায় ৰখাৰ আহ্বান হাৰিয়ানাৰ গৃহমন্ত্ৰীৰ

author img

By

Published : Aug 5, 2023, 7:22 AM IST

হাৰিয়ানাৰ নুহ জিলাত ধৰ্মীয় সমদলৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত এই পৰ্যন্ত মৃত্যু হৈছে 6 জন লোকৰ । গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে কেবাজনকো ৷ শান্তি-শৃংখলা বজায় ৰখাৰ আহ্বান হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজৰ ।

Haryana Home Minister Anil Vij on Nuh violence
শৃংখলা বজায় ৰখাৰ আহ্বান হাৰিয়ানাৰ গৃহমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, 5 আগষ্ট : সোমবাৰে হাৰিয়ানাৰ নুহ জিলাত সংঘটিত হিংসা-সংঘৰ্ষৰ সৈতে জড়িত 141 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত 55 টা এফআইআৰ পঞ্জীয়ন কৰা হৈছে বুলি শুকুৰবাৰে আৰক্ষীয়ে অৱগত কৰে । দুটা গোটৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ফলত 2 গৰাকী আৰক্ষী হোমগাৰ্ডকে ধৰি 6 জনৰ মৃত্যু হৈছে ৷ আনহাতে, সংৰ্ঘষৰ পৰিপ্ৰেক্ষিতত 88 জন আহত হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত এতিয়ালৈকে 55 টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু 141 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নুহৰ সংঘৰ্ষৰ পিছত গুৰুগ্ৰাম আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত ঘটনাৰো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ শেহতীয়াকৈ গুৰুগ্ৰামত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত 27 টা গোচৰ দাখিল কৰি 38 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনায় ৷ ইয়াৰোপৰি ঘটনাৰ সৈতে জড়িতৰ অভিযোগত 60 জন লোকক প্ৰতিৰোধমূলকভাৱে আটক কৰি ৰখা হৈছে বুলিও আৰক্ষীয়ে । এই হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰায় এক ডজন আৰক্ষী আহত হয় । ",

বুধবাৰে হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজে এই হিংসাৰ আঁৰত বৃহৎ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি কয় যে দোষীক ৰেহাই দিয়া নহ'ব । ৰাজহুৱা সম্পত্তি ধ্বংস কৰাসকলে উচিত শাস্তি পাবই বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰে ৷ সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে শান্তি-শৃংখলা নিশ্চিত কৰিবলৈ ৰাজ্যিক আৰক্ষী জোৱান আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীক পৰ্যাপ্তভাৱে মোতায়েন কৰা হৈছে বুলিও জানিবলৈ দিয়ে ।

লগতে, সামাজিক মাধ্যমত কোনো ধৰণৰ আপত্তিজনক বা উচতনিমূলক বিষয়বস্তু শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাই তদন্ত সমিতি গঠন কৰা বুলি উল্লেখ কৰে ৷ সামাজিক মাধ্যমৰ ওপৰত কঠোৰ দৃষ্টি ৰখাৰ কথা জানিবলৈ দিয়ে গৃহমন্ত্ৰী অনিল বিজে ৷

লগতে পঢ়ক : Haryana Nuh Violence : নুহৰ হিংসাত্মক ঘটনাৰ বাবে কোন দায়ী ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.