নেশ্যনেল ডেস্ক,11 মাৰ্চ: পশ্চিমবংগৰ মুৰ্ছিদাবাদত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে দিনৰ 12 বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । মুৰ্ছিদাবাদ জিলাৰ চুটি অঞ্চলত এখন অট’ আৰু স্ক’ৰপিঅ' বাহনৰ মাজত সংঘৰ্ষ হৈ সংঘটিত হয় দুৰ্ঘটনাটো । ফলত থিতাতে নিহত হয় চালক সহিতে সাতজন লোক আৰু আহত হয় 15 জন লোক । আহতসকলক ইতিমধ্যে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ঘটনা অনুসৰি, ৰাজ্যখনৰ চুটিৰ 34 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অট’ক স্ক’ৰপিঅ' বাহনখনে খুন্দিওৱাৰ ফলত পথ দুৰ্ঘটনাতো সংঘটিত হয় । নিহতসকলৰ ভিতৰত মাত্ৰ দুজনক চিনাক্ত কৰা হৈছে । এই দুগৰাকী হ'ল আজফাৰুল শ্বেখ (24) আৰু ফিৰোজ শ্বেখ (26) । উল্লেখ্য যে, ফিৰোজ শ্বেখ অট’খনৰ চালক আছিল ।
লগতে পঢ়ক: নিষ্ঠুৰ হৃদয়ৰ মাতৃৰ জঘন্য কাণ্ড...