ETV Bharat / bharat

মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ; বাংকাৰ ধ্বংস - বাংকাৰ ধ্বংস

Bunkers destroyed arms recovered in Manipur: মণিপুৰৰ হিংসাত্মক ঘটনাৰ ৮ মাহৰ পাচতো সুৰক্ষা বাহিনীৰ লোকে অব্যাহত ৰাখিছে অভিযান ৷ এইবাৰ সুৰক্ষা বাহিনীৰ লোকে অভিযান চলাই বিশেষ ঘাটি আৰু এটা বাংকাৰ ধ্বংস কৰে ৷ অভিযানকাৰী দলে লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ৷

Manipur violence 2023
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ; বাংকাৰ ধ্বংস
author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 2:23 PM IST

তেজপুৰ, ২৩ ডিচেম্বৰ: মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই কেবাটাও বাংকাৰ ধ্বংস কৰাৰ লগতে বুজন সংখ্যক বিস্ফোৰক সামগ্ৰী তথা বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । মণিপুৰ আৰক্ষীয়ে পশ্চিম ইম্ফল, পূব ইম্ফল, টেঙনৌপাল, থৌবাল, কাকচিং, চুৰাচান্দপুৰ, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ দুৰ্গম অঞ্চলত চলাইছিল এই অভিযান ৷

Manipur violence 2023
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ; বাংকাৰ ধ্বংস

এই অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে কাংপোকপি জিলাত অৱস্থিত দুটা বিশেষ ঘাটি আৰু এটা বাংকাৰ ধ্বংস কৰে ৷ আৰক্ষীৰ দলটোৱে লগতে কাকচিং জিলাৰ পৰা দুটা হস্তনিৰ্মিত গ্ৰেনেড, দুটা স্থানীয় নিৰ্মিত পাইপ গান উদ্ধাৰ কৰে ৷

একে সময়তে চুৰাচান্দপুৰ জিলাৰ পৰা আৰক্ষীৰ দলে এটা দেশত নিৰ্মিত ৯ মিমি কাৰ্বাইন, ৯ মিমি পিষ্টল, ৰাইফল, কেইবাজাঁই সজীৱ গুলী, কেইবাটাও কন্দুৱা গেছৰ লগতে এটা ৰেডিঅ' চেট, এটা লং ৰেঞ্জ কান্ট্ৰী মেড মৰ্টাৰসহ মৰ্টাৰ বোমা, ২০০ টকীয়া নকল টকা, এযোৰ জংঘলত পিন্ধা জোতাসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ।

আনহাতে ইম্ফল পূৱ জিলাৰ পৰা এটা এছ এল আৰ ৰাইফল, এটা ৯ মিমি পিষ্টল, চাৰিটা ডিটনেটৰ নথকা হেণ্ড গ্ৰেনেড, পাঁচটা ৭.৬২ মিমি এছ এল আৰ গোলাবাৰুদ, তিনিটা ৯ মিমি গোলাবাৰুদ উদ্ধাৰ কৰা বুলি আৰক্ষীৰ দলটোৱে জানিবলৈ দিয়ে ।

৩ মে’ত মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ পাচৰে পৰা ৰাজ্যখনত সুৰক্ষা বাহিনীৰ লোকে অভিযান অব্যাহত ৰাখিছে ৷ বিগত সময়চোৱাত সুৰক্ষা বাহিনীৰ লোকে পাহাৰীয়া ৰাজ্যখনত বহুকেইটা নিৰ্মীয়মান গোপন কেম্প ধ্বংস কৰে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে মণিপুৰলৈ চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ হোৱা নাগৰিকৰ বায়’মেট্ৰিক পৰীক্ষা অহা মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছে আৰু বৰ্তমান এই প্ৰক্ৰিয়া চলি আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: অসম-মণিপুৰ সীমান্তত স্থানীয় ৰাইজে জ্বলালে নগা উগ্ৰপন্থী সংগঠনৰ শিবিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.