নিউজ ডেস্ক, 27 মে’ : লাডাখত পথ দুৰ্ঘটনাত প্ৰায় 7 জন ভাৰতীয় সেনা জোৱানৰ মৃত্যু হোৱা লগতে আহত হৈছে আন বহুকেইজন জোৱান (Seven army personnel dead)৷ সেনাৰ এন বাহনেৰে যাত্ৰা কৰি থকা অৱস্থাত লাডাখৰ টুৰটুক চেক্টৰত নিয়ন্ত্ৰণ হেৰুৱাই শ্বায়ক নদীত বাগৰি পৰে বাহনখন (Vehicle falls into river in Ladakh)৷ প্ৰায় 50-60 ফুট গভীৰতাত সোমাই পৰে বাহনখন ৷
পাৰ্টাপুৰ কেম্পৰ পৰা সেনাৰ প্ৰায় 26 জনীয়া এটা দলে হানিফ চাব চেক্টৰলৈ যাত্ৰা কৰিছিল ৷ সেই যাত্ৰা কালতে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো (Vehicle carrying 26 soldiers skidded off the road Shyok river)৷ দুৰ্ঘটনাত পতিত সেনা জোৱান সকলক উদ্ধাৰ কৰি আৰ্মিৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ লেহ আৰু পাৰ্টাপুৰৰ পৰা চিকিৎসকৰ দল আহি ইতিমধ্যে চিকিৎসালয়ত উপস্থিত হৈছে ৷ কিন্তু 7 জন সৈনিকে ইতিমধ্যেই মৃত্যুবৰণ কৰিছে ৷
আহত সৈনিক সকলক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই থকা হৈছে ৷ গুৰুতৰভাৱে আহতসকলক পশ্চিম কমাণ্ডলৈ স্থানান্তৰ কৰাৰ বাবে বায়ু সেনাৰ পৰা বিমানৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক : Chardham Yatra 2022 : চাৰধাম যাত্ৰাত এতিয়ালৈ ৯১ গৰাকী ভক্তৰ মৃত্যু