নিউজ ডেস্ক,৩ জুলাই: যৌন নিৰ্যাতনৰ গোচৰত জামিন লাভ কৰা কেৰালাৰ প্ৰাক্তন বিধায়ক পিচি জৰ্জে শনিবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ বিৰুদ্ধে ব্যৱসায়ী ফাৰিছ আবুবেকাৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি প্ৰৱৰ্তন সঞ্চালকালয়ৰ তদন্তৰ দাবী জনায় (Allegations against Kerala CM Pinarayi Vijayan)। এই প্ৰসংগত জৰ্জে কয় যে, মুখ্যমন্ত্ৰীৰ কন্য়া বীণা বিজয়নৰ প্ৰতিষ্ঠান এক্সালজিক ৰাজ্যখনৰ লোকসকলৰ তথ্য বিক্ৰী কৰাত জড়িত ।
আনহাতে, মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সঘনাই ভ্ৰমণ কৰাটোও সন্দেহজনক বুলি উল্লেখ কৰে জৰ্জে । সেয়েহে ইয়াৰ তদন্ত ইডিৰ দ্বাৰা কৰিব লাগে বুলি তেওঁ দাবী জনায়।
উল্লেখ্য় যে, সংগ্ৰহালয় আৰক্ষীয়ে প্ৰাক্তন বিধায়ক জৰ্জৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু শালীনতাৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছিল (Former MLA PC George granted bail in sexual assault case)। শনিবাৰে অভিযোগকাৰীয়ে অভিযোগ কৰিছিল যে, তিৰুৱন্তপুৰমৰ চৰকাৰী অতিথিশালাত কেৰালাৰ সোণৰ চোৰাং ব্যৱসায়ৰ গোচৰ সন্দৰ্ভত আলোচনাৰ বাবে মাতি অনাৰ সময়তে জৰ্জে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল ।
ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪ আৰু ৩৫৪( এ)ৰ অধীনত পঞ্জীয়ন কৰা গোচৰটোত শনিবাৰে পুৱা ১১ বজাত আৰক্ষীৰ সন্মুখত ১৬৪ টা ভাষ্য় দিছিল । এঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । অৱশ্য়ে তিনি ঘণ্টাৰ শুনানিৰ পিছত কঠোৰ নিৰ্দেশৰে ত্ৰিবান্দ্ৰম আদালতে জৰ্জক জামিনত মুকলি কৰি দিয়ে ।
লগতে পঢ়ক:True or fake Ram Rahim: হাৰিয়ানা উচ্চ ন্যায়ালয়ত ৰাম ৰহিমৰ শুনানি