নেশ্যনেল ডেস্ক,৬ আগষ্ট : মহাৰাষ্ট্ৰত উপস্থিত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়তে মুম্বাইত ৰে'লত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান । পুৱাই মুম্বাই নিয়ন্ত্ৰণ কক্ষত এই ভাবুকিপূৰ্ণ এটা ফোন আহে । ফোনত এজন লোকে মুম্বাইৰ এখন ৰে'লত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভাবুকি দিছিল । ফোনত লোকজনে মুম্বাইৰ এখন স্থানীয় ৰে'লত বোমা ৰখা বুলি দাবী কৰিছে ।
ফোন কল এটেণ্ডেণ্ট মহিলা আৰক্ষী বিষয়াগৰাকীয়ে তেওঁৰ পৰা অধিক তথ্য লাভ কৰিবলৈ চেষ্টা কৰিছিল । আৰক্ষীয়ে ফোন কৰা লোকজনক সুধিছিল যে, বোমাটো ক'ত ৰখা হৈছে । কিন্তু লোকজনে কোনো উত্তৰ দিয়া নাছিল । অৱশ্যে লোকজনে কৈছিল যে, তেওঁ জুহুৰ ভিলেপাৰ্ল অঞ্চলৰ পৰা ফোন কৰিছে । আৰক্ষীয়ে তথ্য সংগ্ৰহৰ বাবে পুনৰ ফোন কৰিবলৈ চেষ্টা কৰিছিল । তেতিয়া আন এজন লোকে তেওঁৰ ফোনটো ছুইটছ অফ কৰি দিয়ে ।
অৱশ্যে, বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীয়ে সংশ্লিষ্ট আৰক্ষী থানাক নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈ দিছে । লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৰে'ল ষ্টেচনবোৰত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে । গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে এই ধৰণৰ ভাবুকিপূৰ্ণ ফোন কল অহাৰ লগে লগে আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।
আনহাতে কোনোৱে ধেমালি কৰিবলৈ বা আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ এনেদৰে ভুৱা তথ্য দিছে নেকি তাৰ বাবেও আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে । ফোন কৰা লোকজনৰ তথ্য লাভৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।
লগতে পঢ়ক: Rajouri encounter : ৰাজৌৰীৰ বাৰিয়ামাত সেনাৰ অভিযান, ১ টা সন্ত্ৰাসবাদী নিহত