ETV Bharat / bharat

সন্ধানহীন ভনীয়েকক ভাৰতত বিচাৰি পালে বাংলাদেশৰ ফজৰুলে - আগৰতলা

13 বছৰ পূৰ্বে সন্ধানহীন হোৱা নিজৰ মানসিকভাৱে বিকাৰগ্ৰস্ত ভনীয়েকৰৰ পুনৰ লগ পোৱাৰ সকলো আশা হেৰুৱাই পেলাইছিল ফজৰুলে ৷ কিন্তু এই সুদীৰ্ঘ বছৰে ভনীয়েকৰ সন্ধান অব্যাহত ৰাখিছিল তেওঁ ৷ অৱেশষত বামলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ সহযোগত ফজৰুলে প্ৰশাসনৰ সৈতে কথা বতাৰ পতাৰ লগতে প্ৰয়োজনীয় চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰে ৷

Separated by borders kins reunite at Indo-Bangla border
সন্ধানহীন ভনীয়েকক ভাৰতত বিচাৰি পালে বাংলাদেশৰ ফজৰুলে
author img

By

Published : Mar 13, 2021, 9:45 AM IST

আগৰতলা, 13 মাৰ্চ: সুদীৰ্ঘ 13 বছৰ পিছত সন্ধানহীন নিজ ভনীয়কেক বিচাৰি সীমান্তৰ ইটো পাৰে বিচাৰি পালে বাংলাদেশৰ এজন লোকে ৷ আগৰতলাৰ এখন মানসিক চিকিৎসালয়ত ভনীয়েক থকাৰ খবৰ লাভ কৰিয়েই সন্ধানহীন ভনীয়েকৰৰ ঘৰলৈ ওভটাই নিবলৈ ভাৰতলৈ আহিল বাংলাদেশৰ 50 বৰ্ষীয় ফজৰুল হক ৷

13 বছৰ পূৰ্বে সন্ধানহীন হোৱা নিজৰ মানসিকভাৱে বিকাৰগ্ৰস্ত ভনীয়েকৰৰ পুনৰ লগ পোৱাৰ সকলো আশা হেৰুৱাই পেলাইছিল ফজৰুলে ৷ কিন্তু এই সুদীৰ্ঘ বছৰে ভনীয়েকৰ সন্ধান অব্যাহত ৰাখিছিল তেওঁ ৷ অৱেশষত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ সহযোগত ফজৰুলে প্ৰশাসনৰ সৈতে কথা বতাৰ পতাৰ লগতে প্ৰয়োজনীয় চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰে ৷

Separated by borders kins reunite at Indo-Bangla border
সন্ধানহীন ভনীয়েকক ভাৰতত বিচাৰি পালে বাংলাদেশৰ ফজৰুলে

শুকুৰবাৰে প্ৰশাসনৰ সহযোগত ভনীয়েক শয়েস্ত্ৰাক আগৰতলাৰ অখৌড়া ইন্টাৰগেট চেক পোষ্টৰ পৰা নিজ ঘৰ ফৰিদাপুৰলৈ লৈ যায় ফজৰুলে ৷ ফজৰুলে কয় যে, ‘ প্ৰথম অৱস্থাত মই তাইক বিচাৰি পোৱাৰ সকলো আশা ত্যাগ কৰিছিলো ৷ কিন্তু তাৰ পিছতো মই সন্ধান অব্যাহত ৰাখিছিলো ৷ অৱশেষত আগৰতলাৰ এখন মানসিক চিকিৎসালয়ত মই শয়েস্ত্ৰাৰ তথ্য লাভ কৰি খবৰ কৰো আৰু প্ৰয়োজনীয় সকলো প্ৰশাসনিক কাম কাজৰ অন্তত আজি আমি শয়েস্ত্ৰাক নিজ ঘৰলৈ ওভটাই নিবলৈ আহিছো ৷

অখৌড়া ইন্টাৰগেট চেক পোষ্ট

শয়েস্ত্ৰাৰ দৰে সমীৰ মজুমদাৰ নামৰ এজন লোকো ত্ৰিপুৰা সীমান্তৰ সৈতে সংযোগী বাংলাদেশৰ ব্ৰাহ্মণবাৰীয়া জিলাৰ পৰা 2014 চনত ভাৰতত প্ৰৱেশ কৰিছিল ৷ শুকুৰবাৰে সমীৰৰ ভায়েক আমীৰ মজুমদাৰেও নিজ ভাতৃক ঘৰলৈ নিবলৈ অখৌড়া ইন্টাৰগেট চেক পোষ্টত উপস্থিত হয় ৷

এই সন্দৰ্ভত বাংলাদেশৰ উপ উচ্চ আয়ুক্ত জুবাৰুল হুছেইনে কয়, চৰকাৰী তথ্য অনুসৰি আগৰতালৰ মডাৰ্ণ চায়েকেট্ৰিক কেয়াৰ হাস্পতালত বাংলাদেশৰ 22 গৰাকীকৈ মানসিক বিকাৰগ্ৰস্ত লোক আছে ৷ কিন্তু তেওঁলোকে কেনেদৰে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিছিল সেই সন্দৰ্ভত তেওঁলোক অৱগত নহয় ৷ ইয়াৰ ভিতৰত 10 গৰাকী লোক ইতিমধ্যে সুস্থ হৈ উঠিছে ৷ আমি তেওঁলোকৰ নাগৰিকত্ব পৰীক্ষা কৰি তেওঁলোকক নিজ নিজ ঘৰলৈ ওভটাই পঠিওৱাৰ ব্যৱস্থা কৰি আছো ৷

লগতে পঢ়ক-তেলেংগানাৰ ৰেভ পাৰ্টিত আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.