আগৰতলা,২৮ আগষ্ট : পুনৰ জেৰাৰ সন্মুখীন ত্ৰিপুৰাৰ চিপিআইএমৰ শীৰ্ষ নেতা পবিত্ৰ কৰ (Pabitra Kar) । নিজৰ সম্পত্তি আৰু উপাৰ্জনৰ উৎস সম্পৰ্কীয় এক গোচৰৰ অভিযোগত এইবাৰ ত্ৰিপুৰা আৰক্ষীৰ অপৰাধ শাখাৰ (Crime Branch) জেৰাৰ সন্মুখীন হয় জ্যেষ্ঠ নেতাগৰাকী । প্ৰায় ৪ ঘণ্টা ধৰি আৰক্ষীয়ে তেওঁক জেৰা চলোৱা পৰিলক্ষিত হয় । আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, তেওঁক আগৰতলাৰ অৰুন্ধতী নগৰস্থিত অপৰাধ শাখাৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছিল ।
এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই নেতাগৰাকী গোচৰটোৰ তদন্ত কৰি থকা আৰক্ষী দলৰ সন্মুখত উপস্থিত হয় । জেৰাৰ অন্তত অপৰাধ শাখাৰ কাৰ্যালয়ৰ পৰা ওলাই আহিয়ে নেতাগৰাকীয়ে অভিযোগ কৰে যে প্ৰশাসনক ব্যৱহাৰ কৰি তেওঁক হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে । তেওঁৰ মতে ভিজিলেঞ্চৰ অনুসন্ধানৰ সময়ত তেওঁ সম্পত্তি আৰু উপাৰ্জনৰ সকলো তথ্য যোগান ধৰিছিল । কিন্তু পাছত গোচৰটো অপৰাধ শাখাক হস্তান্তৰ কৰা হয় ।
আনকি আৰক্ষীৰ এটা দলে তেওঁৰ ঘৰত তালাচী চলাইছিল আৰু প্ৰায় ১১ ঘণ্টা ধৰি অভিযান চলোৱা পাছতো তেওঁৰ ঘৰৰ পৰা একোৱে আপত্তিজনক বস্তু আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে বুলি নেতাগৰাকীয়ে দাবী কৰে । নেতাগৰাকীৰ মতে সেই একেটা বিষয়ৰে প্ৰশ্নৰ পুনৰাবৃত্তি কৰি থকা হৈছে । নেতাগৰাকীৰ মতে চিপিআইএম (CPIM) নেতাসকলৰ ভাৱমূৰ্তি কলুষিত কৰিবলৈ এই সকলোবোৰ বিজেপিৰ পুৰণি কৌশল ।
তেওঁৰ মতে বিজেপি (BJP) এতিয়া আতংকিত হৈ পৰিছে । তেওঁলোকে সমৰ্থন হেৰুৱাবলৈ আৰম্ভ কৰিছে । কিয়নো নেতাগৰাকীয়ে দাবী কৰা মতে বিজেপিৰ কুকীৰ্তি সম্পৰ্কে ৰাইজ সজাগ হৈছে । আহিবলগীয়া দিনবোৰত ইয়াৰ সঠিক উত্তৰ বিজেপিয়ে পাব বুলিও দাবী কৰে বাওঁপন্থী নেতাগৰাকীয়ে ।