ETV Bharat / bharat

আইপিএফটিৰ উপ-সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

নিৰ্বাচনত বিজয়ৰ পিচত টিপ্ৰা মুথা অতি অসহিষ্ণু হৈ পৰাৰ অভিযোগ উঠিছে ৷ তেওঁলোকে এতিয়া বিৰোধীক সম্পূৰ্ণৰূপে আঁতৰাবলৈ চেষ্টা কৰি আছে ৷ যি ৰাজ্যখনৰ গণতান্ত্ৰিক দিশৰ বাবে বিপদজনক হিচাপে চিহ্নিত হৈছে ৷ জ্যেষ্ঠ নেতা কৃষ্ণকান্ত জামাতিয়াৰ ওপৰত কৰা আক্ৰমণ তেওঁলোকৰ ৰণনীতিৰ কেৱল এটা অংশ ৷

উপ-সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
উপ-সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ
author img

By

Published : May 24, 2021, 8:43 AM IST

আগৰতলা,24 মে’: দেওবাৰে টিপ্ৰা মুথাৰ সমৰ্থক বুলি দাবী কৰা দুৰ্বৃত্তৰ এটা দলে আইপিএফটিৰ উপ-সভাপতি কৃষ্ণকান্ত জামাতিয়াৰ বাসগৃহত আক্ৰমণ চলায় ৷ এই আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয় ৷ এক সূত্ৰত প্ৰকাশিত তথ্য অনুসৰি, একাংশ উত্তেজিত জনতাই কিল্লা অঞ্চলত জামাতিয়াৰ বাসগৃহত আক্ৰমণ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷

ঘটনা সন্দৰ্ভত আইপিএফটিৰ সমৰ্থকসকলে এনেদৰে কয়, "নিৰ্বাচনৰ বিজয়ৰ পিছত টিপ্ৰা মুথা অতি অসহিষ্ণু হৈ পৰিছে ৷ তেওঁলোকে এতিয়া বিৰোধীক সম্পূৰ্ণৰূপে আঁতৰাবলৈ চেষ্টা কৰি আছে ৷ যি ৰাজ্যখনৰ গণতান্ত্ৰিক দিশৰ বাবে বিপদজনক ৷ জ্যেষ্ঠ নেতা জামাতিয়াৰ ওপৰত কৰা আক্ৰমণ তেওঁলোকৰ ৰণনীতিৰ কেৱল এটা অংশ"।

জামাতিয়াক আক্ৰমণ কৰাৰ এই বাতৰি শীঘ্ৰে ৰাজ্যখনত বিয়পি পৰে ৷ ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে কিল্লা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ পৰৱৰ্তী সময়ত বিধায়ক ৰামপদ জামাতিয়া আৰু আন জ্যেষ্ঠ বিজেপি নেতাসকল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে ৷ আনহাতে, এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জামাতিয়াক কিল্লা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ ঘটনাটোৰ সন্দৰ্ভত কিল্লা থানাত এজাহাৰ দাখিল কৰা হৈছে ৷

লগতে চাওকঃ একুৱা থেৰাপী : পূৰ্বে নজনা বহু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.