ETV Bharat / bharat

ত্ৰিপুৰাৰ ৰাজ্যপালক সাক্ষাৎ চি পি আই এম নেতাৰ - শাসকীয় দল

ত্ৰিপুৰাত শাসকীয় দলৰ কাৰ্যত ক্ষুদ্ধ চি পি আই এম দল । বুধবাৰে ৰাজ্যপাল ৰমেশ বাইছক সাক্ষাৎ চি পি আই এমৰ নেতাৰ । শাসকীয় দলে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ চি পি আই এমৰ ।

Senior CPIM leaders meet Tripura Governor
ত্ৰিপুৰাৰ ৰাজ্যপালক সাক্ষাৎ চি পি আই এম নেতাৰ
author img

By

Published : May 13, 2021, 12:21 PM IST

নেশ্যনেল ডেস্ক, ১৩ মে': ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা চি পি আই এমৰ প্ৰবীণ নেতা নাৰায়ণ কৰে বুধবাৰে ৰাজ্যখনত বিৰোধী দলৰ ৰাজনৈতিক কাৰ্যকলাপ মুক্ত মনে কৰাৰ অধিকাৰ সু-নিশ্চিত কৰিবলৈ ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বাইছক আহ্বান জনায় । কৰে অভিযোগ উত্থাপন কৰে যে, বিৰোধী দলবোৰৰ বিশেষকৈ চি পি আই এমৰ ৰাজনৈতিক অধিকাৰ শাসকীয় দলে পদদলিত কৰিছে ।

Senior CPIM leaders meet Tripura Governor
ত্ৰিপুৰাৰ ৰাজ্যপালক সাক্ষাৎ চি পি আই এম নেতাৰ

শেহতীয়াকৈ বিৰোধী দলৰ নেতা মানিক সৰকাৰৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে, বৰ্তমান বিৰোধীৰ কাৰ্যই শাসকীয় দলক প্ৰভাৱিত কৰিছে । ফলত শাসকীয় দলে বিৰোধী নেতাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ শাসকীয় দলে যিকোনো সীমা অতিক্ৰম কৰিব বুলিও নাৰায়ণ কৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

বুধবাৰে ত্ৰিপুৰাৰ ৰাজ্যপাল ৰমেশ বাইছক সাক্ষাৎ কৰাৰ পাচত দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, ত্ৰিপুৰাত ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ প্ৰকৃত তথ্যৰ বিষয়ে অৱগত কৰিবলৈ দলৰ কেইগৰাকীমান নেতাই ৰাজ্যপালক সাক্ষাৎ কৰে ।

জানিব পৰা মতে, ৰামা দাস, প্ৰাক্তন মন্ত্ৰী নৰেশ জামাতিয়া আৰু নাৰায়ণ কাৰে বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে । সকলো ৰাজনৈতিক দলেই যাতে সংবিধানে প্ৰদান কৰা অধিকাৰসমূহৰ সুবিধা প্ৰকৃত অৰ্থত গ্ৰহণ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ তেওঁলোকে ৰাজ্যপালক আহ্বান জনায় । ৰাজ্যপালৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত চি পি আই এম নেতা কৰে ৰাজ্যখনত বৰ্তমানলৈকে সংঘটিত ঘটনাসমূহৰ বিষয়েও অৱগত কৰে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত তেওঁ কয় যে, দলৰ তৰফৰ পৰা এই বিষয়ত এখন স্মাৰকপত্ৰ ৰাজ্যপালক দিয়া হৈছে । স্মাৰকপত্ৰখনত শান্তিবজাৰত মানিক সৰকাৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ বিষয়ে বৰ্ণনা কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যপালগৰাকীয়ে এই ঘটনাৰ তদন্তৰ আশ্বাস প্ৰদান কৰিছে ৷ তেওঁ লগতে কয় যে, তেওঁ তদন্তৰ অগ্ৰগতিৰ বিষয়ে বুজ ল'বলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিব । লগতে তেওঁ এই ঘটনাৰ বিষয়ে স্থানীয় এছ ডি এম আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰাৰো আশ্বাস দিয়ে । অনাগত দিনত ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত এনে হিংসাত্মক ঘটনা সংঘটিত নহয় বুলিও ৰাজ্যপাল ৰমেশ বাইছে আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক:উত্তৰাখণ্ডৰ কেঞ্চীধাম মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.