ETV Bharat / bharat

বিজেপি-আইপিএফটিৰ বাজেটক লৈ সুখী নহয় জ্যেষ্ঠ কংগ্ৰেছী নেতা মানিক দেৱ

author img

By

Published : Mar 22, 2021, 10:37 PM IST

18 মাৰ্চত বিধানসভাত উপস্থাপন কৰা বাজেটক লৈ অসন্তুষ্ট ত্ৰিপুৰাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা মানিক দেৱ ৷ নিবনুৱা সমস্যা সমাধানৰ বিষয়টো উপস্থাপন কৰাৰ ক্ষেত্ৰত বাজেটখন বিফল হোৱাৰ অভিযোগ জ্যেষ্ট কংগ্ৰেছী নেতাগৰাকীৰ ৷

senior congress leader manik deb not happy with the budget
বিজেপি-আইপিএফটিৰ বাজেটক লৈ সুখী নহয় জ্যেষ্ঠ কংগ্ৰেছী নেতা মানিক দেৱ

আগৰতলা, 22 মাৰ্চ: 18 মাৰ্চত ৰাজ্যৰ বিধানসভাত উপস্থাপন কৰা বাজেটত অসন্তুষ্টি ব্যক্ত কৰি জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মানিক দেৱে সোমবাৰে কয় যে, ৰাজ্যখনৰ অন্যতম মুখ্য সমস্যা, নিবনুৱা সমস্যা সমাধানৰ বিষয়টো উপস্থাপন কৰাৰ ক্ষেত্ৰত এই বাজেট বিফল হৈছে ৷

সাংবাদিকৰ সন্মুখত দেৱে কয় যে, "ৰাজ্যখনক জৰ্জৰিত কৰি ৰখা সমস্যাসমূহৰ এখন তালিকা আমি যদি প্ৰস্তুত কৰো তেন্তে নিবনুৱা সমস্যা সেই তালিকাৰ শীৰ্ষত থাকিব ৷ কিন্তু বাজেটত এই প্ৰসংগত বিশেষ একো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ৷ শিক্ষাৰ্থী সকলৰ লগতে যুৱ প্ৰজন্মইও এই বাজেটৰ পৰা অশেষ আশা কৰিছিল , কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকে একো নাপালে ৷ "

নতুন সংস্থাপন সৃষ্টি কৰাৰ ক্ষেত্ৰত স্পষ্টকৈ একো উল্লেখ কৰা নাই বুলি অভিযোগ কৰি দেৱে কয় যে, বাঁওপন্থী সকলৰ 25 বছৰৰ শাসনৰ পাছত ৰাইজে আশা কৰিছিল যে, বিজেপি-আইপিএফটি চৰকাৰে ৰাইজক সমান সুযোগৰ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এইখন চৰকাৰে শ্ৰমিক শ্ৰেণীক উৎসাহিত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷

লগতে পঢ়ক: গাঞ্জা খেতিক বৈধতা প্ৰদান প্ৰসংগ : বিশেষজ্ঞৰ সৈতে আলোচনা কৰিব বিপ্লৱ কুমাৰ দেৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.