ETV Bharat / bharat

Seema Haider: হাতত ৰাষ্ট্ৰীয় পতাকা লৈ দিল্লীত সীমা হায়দৰ আৰু চাৰি সন্তান

author img

By

Published : Aug 15, 2023, 6:34 PM IST

নয়ডাৰ দিল্লী পাব্লিক স্কুলৰ স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল সীমা হায়দৰ আৰু তেওঁৰ চাৰি সন্তানক ৷ পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল সীমা হায়দৰে ৷ গোচৰটোৰ তদন্ত বৰ্তমানেও অব্যাহত আছে ৷

Seema Haider
Seema Haider

নেশ্যনেল ডেস্ক, 15 আগষ্ট: আজি দেশজুৰি পালন কৰা হৈছে স্বাধীনতা দিৱস ৷ তাৰ মাজতে বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰা পাকিস্তানী মহিলা সীমা হাইদৰৰ চাৰি পুত্ৰই নয়ডাৰ দিল্লী পাব্লিক স্কুলক পতাকা উত্তোলন কৰা দেখিবলৈ পোৱা গ’ল ৷ জানিব পৰা মতে, সীমা হায়দৰৰ চাৰি পুত্ৰৰ নামভৰ্তি এতিয়াও দিল্লী পাব্লিক স্কুলত হোৱা নাই যদিও স্বাধীনতা দিৱস উপলক্ষে তেওঁলোকক বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা নিমন্ত্ৰণ জনোৱা হৈছিল ৷

স্বাধীনতা দিৱস উপলক্ষে সীমা হায়দৰে এটা ভিডিঅ’ মুকলি কৰে ৷ ভিডিঅ’টোত হায়দৰে ভাৰতত বাস কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷ তেওঁ কয় যে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে । যদিও নিৰাপত্তা সংস্থা আৰু আৰক্ষীয়ে এই মুহূৰ্তত গোচৰটোৰ তদন্ত কৰি আছে, কিন্তু শীঘ্ৰেই তদন্ত সম্পূৰ্ণ হোৱাৰ পিচত, তেওঁ ভাৰতৰ নাগৰিকত্ব লাভ কৰিব বুলি আশা কৰিছে ৷

তেওঁ কয় যে যে অধিবক্তা এ পি সিঙে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ ৰাষ্ট্ৰপতিলৈ এখন আবেদন প্ৰেৰণ কৰিছে ৷ ভিডিঅ'টোত সীমাই ‘বন্দে মাতৰম’ আৰু ‘ভাৰত মাতা কী জয়’ শ্ল'গান দিয়া দেখা গৈছিল ৷

উল্লেখ্য যে নয়ডাৰ শচীন মেনা নামৰ লোকজনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে সীমা হায়দৰ ৷ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে সম্প্ৰতি সীমাৰ বিৰুদ্ধে গোচৰ চলি আছে ৷ দিল্লী পাব্লিক স্কুল কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি সীমা আৰু তেওঁৰ চাৰি সন্তানে ভাৰতীয় নাগৰিকত্ব লাভ নকৰা পৰ্যন্ত বিদ্যালয়ত তেওঁলোকৰ নামভৰ্তি সম্ভৱ নহয় ৷

জানিব পৰা মতে, PUBG খেলৰ জৰিয়তে নয়ডাৰ শচীন মেনাৰ প্ৰেমত পৰিছিল সীমা হায়দাৰ ৷ ইয়াৰ পাচতেই 13 মে’ত চাৰি সন্তানক লগত লৈ নেপাল অতিক্ৰম কৰি ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল সীমা হায়দৰে ৷ ইয়াৰ পাচত শচীনৰ সৈতে তেওঁ এটা ভাড়াঘৰত থাকিবলৈ লয় ৷ এই বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাচতে শচীন, সীমা আৰু তেওঁলোকৰ 4 টা সন্তানক হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা আটক কৰা হয় ।

ইয়াৰ পিচত, সকলোকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷ কাৰাগাৰৰ পৰা জামিনত মুকলি হোৱাৰ পিচত তেওঁলোক সকলোৱে ৰাবুপুৰাত শচীনৰ ঘৰত আছে । একে সময়তে, স্থানীয় আৰক্ষী, উত্তৰ প্ৰদেশ এটিএছ আৰু কেন্দ্ৰীয় অনুসন্ধান সংস্থাই বিষয়টো তদন্ত কৰি আছে ৷

লগতে পঢ়ক: CM Nitish Kumar security lapses : নীতিশ কুমাৰৰ সন্মুখতে যুৱকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.