ETV Bharat / bharat

PM Modi France visit : বেষ্টিল দিৱসৰ পেৰেডত ভাৰতৰ অংশগ্ৰহণ গৌৰৱৰ বিষয় ; প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jul 15, 2023, 10:35 AM IST

Updated : Jul 15, 2023, 10:44 AM IST

দুদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্স ভ্ৰমণ প্ৰধানমন্ত্ৰী মোডীৰ বাবে স্মৰণীয় আছিল । কিয়নো তেওঁ ঐতিহাসিক বেষ্টিল দিৱসত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছে । ভাৰতৰ সুৰক্ষা বাহিনীৰ এটা দলেও দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিছে ।

PM Modi France visit
বেষ্টিল দিৱসৰ পেৰেডত ভাৰতৰ অংশগ্ৰহণ

নেশ্যনেল ডেস্ক,১৫ জুলাই : ফ্ৰান্সৰ ঐতিহাসিক বেষ্টিল দিৱসৰ কুচকাৱাজত ভাৰতীয় সেনাৰ দলটোৱে অংশগ্ৰহণ কৰাটো গৌৰৱৰ বিষয় । ফ্ৰান্স ভ্ৰমণক স্মৰণীয় বুলি উল্লেখ কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে দুদিনীয়া চৰকাৰী ভ্ৰমণত ফ্ৰান্সত উপস্থিত হৈছিল ।

ফ্ৰান্স ভ্ৰমণৰ অভিজ্ঞতা সম্পৰ্কে টুইট কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এই ভ্ৰমণ তেওঁৰ বাবে স্মৰণীয় আছিল । বেষ্টিল দিৱসত তেওঁ অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱাৰ বাবে ই আৰু অধিক বিশেষ হৈ উঠিছিল বুলিও তেওঁ উল্লেখ কৰে । আনহাতে ভাৰতীয় জোৱানৰ দলটোক পেৰেডত দেখা পোৱাটো তেওঁৰ বাবে আশ্চৰ্যজনক আছিল । ব্যতিক্ৰমী আতিথ্যৰ বাবে তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফৰাচী জনসাধাৰণৰ ওচৰত কৃতজ্ঞ বুলিও টুইটত উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে আশা ব্যক্ত কৰি কয় যে ভাৰত-ফ্ৰান্সৰ বন্ধুত্ব বাঢ়ি যাওক । প্ৰধানমন্ত্ৰীগৰাকীয়ে পেৰেডৰ ফটোও শ্বেয়াৰ কৰে ।

  • This France visit was a memorable one. It was made even more special because I got the opportunity to take part in the Bastille Day celebrations. Seeing the Indian contingent get a pride of place in the parade was wonderful. I am grateful to President @EmmanuelMacron and the… pic.twitter.com/BllJ8gVj8e

    — Narendra Modi (@narendramodi) July 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

This France visit was a memorable one. It was made even more special because I got the opportunity to take part in the Bastille Day celebrations. Seeing the Indian contingent get a pride of place in the parade was wonderful. I am grateful to President @EmmanuelMacron and the… pic.twitter.com/BllJ8gVj8e

— Narendra Modi (@narendramodi) July 14, 2023

শুকুৰবাৰে ফ্ৰান্সৰ বেষ্টিল দিৱসত প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । য'ত ভাৰতৰ সেনাৰ তিনিওটা বাহিনীৰ জোৱানসকলে পেৰেডত অংশগ্ৰহণ কৰে । ভাৰতীয় বায়ু সেনাৰ ৰাফেল যুঁজাৰু বিমানেও ফৰাচী জেটৰ সৈতে ফ্লাইপাষ্টত যোগ দিয়ে ।

শুকুৰবাৰে নিশা ৰাষ্ট্ৰপতি মেক্ৰ'নে লুভাৰ সংগ্ৰহালয়ত প্ৰধানমন্ত্ৰীৰ বাবে এক নৈশ ভোজৰ আয়োজন কৰে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডী ব্ৰিগিট মেক্ৰ'নে সংগ্ৰহালয়ত মোডীক আদৰণি জনায় । প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ এক স্মৰণীয় বুলি অভিহিত কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে । প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ফ্ৰান্সৰ শীৰ্ষ নেতৃত্বৰ বৈঠকত দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়েও আলোচনা কৰা হয় । দুয়োখন দেশৰ ২৫ বছৰীয়া বন্ধুত্বও উদযাপন কৰা হয় ।

মোডী আৰু মেক্ৰ'নে মুখ্য কাৰ্যবাহী বিষয়া মঞ্চকো সম্বোধন কৰে আৰু ভাৰতত চলি থকা অৰ্থনৈতিক সংস্কাৰৰ ওপৰত আলোকপাত কৰে ৷ লগতে ফ্ৰান্সৰ ব্যৱসায়িক নেতাসকলক দেশখনে আগবঢ়োৱা সুযোগসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে মুখ্য কাৰ্যবাহী পৰ্যায়ৰ বৈঠকখনত ফ্ৰান্সৰ ফালৰ ১৬ গৰাকী আৰু ভাৰতৰ ফালৰ ২৪ গৰাকী মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত থাকে । তাৰ ভিতৰত আছে বিমান, উৎপাদন, প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু শক্তি, অন্যান্য খণ্ডৰ বিষয়া । প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা মতে ভাৰতে বন্দৰ চহৰ মাৰ্চেইলছত এটা নতুন কনচুলেট স্থাপন কৰিব ।

লগতে পঢ়ক :PM Modi leaves for UAE: দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সামৰি UAE লৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক,১৫ জুলাই : ফ্ৰান্সৰ ঐতিহাসিক বেষ্টিল দিৱসৰ কুচকাৱাজত ভাৰতীয় সেনাৰ দলটোৱে অংশগ্ৰহণ কৰাটো গৌৰৱৰ বিষয় । ফ্ৰান্স ভ্ৰমণক স্মৰণীয় বুলি উল্লেখ কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ আমন্ত্ৰণ ৰক্ষা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে দুদিনীয়া চৰকাৰী ভ্ৰমণত ফ্ৰান্সত উপস্থিত হৈছিল ।

ফ্ৰান্স ভ্ৰমণৰ অভিজ্ঞতা সম্পৰ্কে টুইট কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এই ভ্ৰমণ তেওঁৰ বাবে স্মৰণীয় আছিল । বেষ্টিল দিৱসত তেওঁ অংশগ্ৰহণ কৰিবলৈ সুযোগ পোৱাৰ বাবে ই আৰু অধিক বিশেষ হৈ উঠিছিল বুলিও তেওঁ উল্লেখ কৰে । আনহাতে ভাৰতীয় জোৱানৰ দলটোক পেৰেডত দেখা পোৱাটো তেওঁৰ বাবে আশ্চৰ্যজনক আছিল । ব্যতিক্ৰমী আতিথ্যৰ বাবে তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফৰাচী জনসাধাৰণৰ ওচৰত কৃতজ্ঞ বুলিও টুইটত উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে আশা ব্যক্ত কৰি কয় যে ভাৰত-ফ্ৰান্সৰ বন্ধুত্ব বাঢ়ি যাওক । প্ৰধানমন্ত্ৰীগৰাকীয়ে পেৰেডৰ ফটোও শ্বেয়াৰ কৰে ।

  • This France visit was a memorable one. It was made even more special because I got the opportunity to take part in the Bastille Day celebrations. Seeing the Indian contingent get a pride of place in the parade was wonderful. I am grateful to President @EmmanuelMacron and the… pic.twitter.com/BllJ8gVj8e

    — Narendra Modi (@narendramodi) July 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শুকুৰবাৰে ফ্ৰান্সৰ বেষ্টিল দিৱসত প্ৰধানমন্ত্ৰী মোডীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । য'ত ভাৰতৰ সেনাৰ তিনিওটা বাহিনীৰ জোৱানসকলে পেৰেডত অংশগ্ৰহণ কৰে । ভাৰতীয় বায়ু সেনাৰ ৰাফেল যুঁজাৰু বিমানেও ফৰাচী জেটৰ সৈতে ফ্লাইপাষ্টত যোগ দিয়ে ।

শুকুৰবাৰে নিশা ৰাষ্ট্ৰপতি মেক্ৰ'নে লুভাৰ সংগ্ৰহালয়ত প্ৰধানমন্ত্ৰীৰ বাবে এক নৈশ ভোজৰ আয়োজন কৰে । ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু ফাৰ্ষ্ট লেডী ব্ৰিগিট মেক্ৰ'নে সংগ্ৰহালয়ত মোডীক আদৰণি জনায় । প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণ এক স্মৰণীয় বুলি অভিহিত কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে । প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ফ্ৰান্সৰ শীৰ্ষ নেতৃত্বৰ বৈঠকত দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়েও আলোচনা কৰা হয় । দুয়োখন দেশৰ ২৫ বছৰীয়া বন্ধুত্বও উদযাপন কৰা হয় ।

মোডী আৰু মেক্ৰ'নে মুখ্য কাৰ্যবাহী বিষয়া মঞ্চকো সম্বোধন কৰে আৰু ভাৰতত চলি থকা অৰ্থনৈতিক সংস্কাৰৰ ওপৰত আলোকপাত কৰে ৷ লগতে ফ্ৰান্সৰ ব্যৱসায়িক নেতাসকলক দেশখনে আগবঢ়োৱা সুযোগসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে মুখ্য কাৰ্যবাহী পৰ্যায়ৰ বৈঠকখনত ফ্ৰান্সৰ ফালৰ ১৬ গৰাকী আৰু ভাৰতৰ ফালৰ ২৪ গৰাকী মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত থাকে । তাৰ ভিতৰত আছে বিমান, উৎপাদন, প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু শক্তি, অন্যান্য খণ্ডৰ বিষয়া । প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা মতে ভাৰতে বন্দৰ চহৰ মাৰ্চেইলছত এটা নতুন কনচুলেট স্থাপন কৰিব ।

লগতে পঢ়ক :PM Modi leaves for UAE: দুদিনীয়া ফ্ৰান্স ভ্ৰমণ সামৰি UAE লৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোদীৰ

Last Updated : Jul 15, 2023, 10:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.