নেশ্যনেল ডেস্ক, 25 জুলাই : দেওবাৰে জম্মু-কাশ্মীৰৰ কুপাৱাৰা জিলাত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই তিনিটাকৈ বিস্ফোৰক সামগ্ৰী অৰ্থ্যাৎ আইডি(IED) উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ সেনাবাহিনীৰ এক বিশেষ সূত্ৰই এই কথা জানিবলৈ দিছে ৷ উত্তৰ কাশ্মীৰ জিলাত নিৰাপত্তাৰক্ষীৰ এটা দলে cordon and search operation চলোৱাৰ সময়ত আইডি(IED) কেইটা উদ্ধাৰ কৰে ৷
বিশেষ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি, তেৰাগাম (Trehgam) অঞ্চলৰ নডৰাংগা আভ'ৰা (Nadarnag Avoora)ত নিৰাপত্তাৰক্ষীয়ে এক অভিযান চলাইছিল ৷ উক্ত অভিযানৰ সময়তে নিৰাপত্তাৰক্ষীয়ে আইডি(IED) কেইটাৰ সন্ধান পাই লগে লগে বোমা বিশেষজ্ঞৰ দলক খবৰ দিয়ে ৷ ঘটনাস্থলীত বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ উদ্ধাৰ হোৱা আইডি(IED) কেইটা নিষ্ক্ৰিয় কৰে ৷ ইপিনে সমগ্ৰ ঘটনা সৰ্ন্দভত নিৰাপত্তাৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, শেহতীয়াকৈ জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা দেখা গৈছে ৷ দেওবাৰৰ দিনটোতে দক্ষিণ কাশ্মীৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই এই কথাকে প্ৰমাণ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত এগৰাকী আৰক্ষী কনিষ্টবলৰ পৰা সন্দেহজনক সন্ত্ৰাসবাদীয়ে ৰাইফল কাঢ়ি নিয়ে ৷
এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, খুদৱানী অঞ্চলৰ চামচিপোৰা ক্ৰছিঙত মুদাছিৰ আহমেদ নামৰ আৰক্ষী কনিষ্টবল জনৰ হাতৰ পৰা সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে এটা একে-৪৭ (AK 47) ৰাইফল কাঢ়ি লৈ যায় । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু সন্দেহজনক সন্ত্ৰাসবাদীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।
আকৌ দেওবাৰে পুৱাই লাভ কৰা খবৰ অনুসৰি, কুলগামৰ এক স্থানত তিনিজনকৈ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছে । তাৰ ভিতৰত জিলাখনৰ মুনান্দ অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত এজন নিহত হৈছে । পুৱাই নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীবৰ্ষণ আৰম্ভ হোৱাৰ পাচত আৰক্ষীয়ে বৰ্তমানেও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ হত্যাৰ গোচৰত অভিযুক্ত বেংক মেনেজাৰ: বাক্সাত উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী