ETV Bharat / bharat

সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি; লোকসভাৰ মজিয়াত তাণ্ডৱ অচিনাক্ত ব্যক্তিৰ - সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি

দৰ্শনাৰ্থী গেলেৰীৰ পৰা হঠাতে দুজন ব্যক্তি লোকসভাৰ মজিয়াত জঁপিয়াই পৰে । যাৰ ফলত তীব্ৰ আতংক আৰু বিশৃংখলতাৰ সৃষ্টি হয় । সন্দেহযুক্ত দুজনক আটক কৰা হৈছে । নিৰাপত্তা ব্যৱস্থা উলংঘনৰ এই ঘটনা এনে এটা দিনত আহিছে, যেতিয়া ৰাষ্ট্ৰই ২০০১ চনৰ সংসদ আক্ৰমণৰ বাৰ্ষিকী পালন কৰি আছে । আনহাতে, খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনে তেওঁক হত্যাৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৩ ডিচেম্বৰত নতুন সংসদ ভৱনত আক্ৰমণ কৰাৰ ভাবুকি দিয়াৰ কেইদিনমান পিছতে এই ঘটনাটো সংঘটিত হৈছে ।

Security breach in Lok Sabha
সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি; লোকসভাৰ মজিয়াত তাণ্ডৱ অচিনাক্ত ব্যক্তিৰ
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 4:43 PM IST

লোকসভাৰ মজিয়াত তাণ্ডৱ অচিনাক্ত ব্যক্তিৰ

নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : ২০০১ চনৰ ১৩ ডিচেম্বৰৰ সন্ত্ৰাসবাদীৰ সংসদ ভৱন আক্ৰমণৰ ঘটনা পুনৰ সজীৱ হ'ল বুধবাৰে । সংসদত নিৰাপত্তাৰ স্পষ্ট ত্ৰুটি উন্মোচন কৰাৰ এটা ঘটনাত দুজন ব্যক্তিয়ে লোকসভাৰ দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা হঠাতে জঁপিয়াই পৰে । আনহাতে, হালধীয়া ধোঁৱা নিৰ্গত হোৱা এটা ৰং বোমাও দলিয়ায় সদনৰ বাহিৰত । ইফালে সদনৰ সদস্যসকলে তেওঁলোকক ধৰি নিৰাপত্তাৰক্ষীক গতাই দিয়ে । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নিম্ন সদন স্থগিত ৰাখিবলৈ বাধ্য হয় । ঘটনা সন্দৰ্ভত দুজন সন্দেহজনক লোকক জিম্মাত লোৱা হৈছে আৰু 'ৰং বোমা' সদন চৌহদত জব্দ কৰা হৈছে ।

উল্লেখ্য যে দুয়োজন অনুপ্ৰৱেশকাৰীয়ে দৰ্শনাৰ্থী গেলেৰীৰ পৰা নিৰাপত্তা ব্যৱস্থা উলংঘন কৰি ভিতৰলৈ ধুমুহা গতিত প্ৰৱেশ কৰে । এজন অনুপ্ৰৱেশকাৰীক সদনত সদস্যসকলৰ বেঞ্চৰ ওপৰেৰে জঁপিয়াই যোৱা দেখা গৈছে । অৱশ্যে সন্দেহযুক্ত লোক দুজনক আটক কৰা হৈছে । কিন্তু সংসদ চৌহদত তেওঁলোকে সৃষ্টি কৰা এই কাৰ্যৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই ।

আনহাতে, ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে কয় যে ৰং বোমা নিক্ষেপৰ ঘটনাটো সংসদৰ বাহিৰত সংঘটিত হয় । এজন পুৰুষ আৰু এগৰাকী মহিলাসহ দুজন প্ৰতিবাদকাৰীয়ে ৰঙৰ ধোঁৱাৰে প্ৰতিবাদ কৰে । তেওঁলোকক পৰিবহণ ভৱনৰ সন্মুখত আটক কৰা হয় । আটকাধীন লোক দুজনক হাৰিয়ানাৰ বাসিন্দা নীলম (৪২) আৰু মহাৰাষ্ট্ৰৰ অমল শিন্দে (২৫) বুলি চিনাক্ত কৰা হৈছে । পৰৱৰ্তী অনুসন্ধান চলি আছে ।

ইফালে ঘটনাটোৰ বিৱৰণ দি কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰমে কয়, "হঠাতে প্ৰায় ২০ বছৰীয়া দুজন যুৱকে দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা সদনত জঁপিয়াই পৰে আৰু তেওঁলোকৰ হাতত কেনিষ্টাৰ আছিল । এই কেনিষ্টাৰবোৰে হালধীয়া ধোঁৱা নিৰ্গত কৰি আছিল । তেওঁলোকৰ এজনে অধ্যক্ষৰ চকীৰ ফালে দৌৰিবলৈ চেষ্টা কৰি আছিল । তেওঁলোকে কিছুমান শ্লোগান দি আছিল । এই ধোঁৱা বিষাক্তও হ'ব পাৰে । এইটো বিশেষকৈ ১৩ ডিচেম্বৰত নিৰাপত্তাৰ এক গুৰুতৰ উলংঘন । কিয়নো ২০০১ চনৰ এই দিনটোতে সংসদত আক্ৰমণ কৰা হৈছিল...।"

আনহাতে, নিজৰ প্ৰতিক্ৰিয়াত সমাজবাদী পাৰ্টীৰ সাংসদ ডিম্পল যাদৱে কয়, "যিসকলে ইয়ালৈ আহে, সেয়া দৰ্শনাৰ্থীয়ে হওক বা সাংবাদিক, তেওঁলোকে টেগ বহন নকৰে । গতিকে মই ভাবোঁ চৰকাৰে ইয়াৰ প্ৰতি মনোযোগ দিয়া উচিত । মই ভাবোঁ এইটো এটা সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ ত্ৰুটি । এনেকুৱা হ'লে লোকসভাৰ ভিতৰত যিকোনো ঘটনা ঘটিব পাৰে...।"

উল্লেখ্য যে খলিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনে ১৩ ডিচেম্বৰত নতুন সংসদ ভৱনত আক্ৰমণ কৰাৰ ভাবুকি দিয়াৰ কেইদিনমান পিছতে এই ঘটনাটো সংঘটিত হৈছে । তেওঁক হত্যা কৰাৰ এক তথাকথিত বিফল হত্যাৰ ষড়যন্ত্ৰৰ প্ৰতিক্ৰিয়া স্বৰূপে পান্নুনে এই ভাবুকি প্ৰদান কৰিছিল ।

লগতে পঢ়ক :২০০১ চনৰ কেঁচা ঘা; ভাৰতীয় সংসদত আক্ৰমণ আৰু পৰৱৰ্তী সময়ৰ ঘটনা প্ৰৱাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.