আগৰতলা, ০৭ মাৰ্চ: ত্ৰিপুৰালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা (Union Home Minister Amit Shah to visit Tripura) । কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ।
তথ্য অনুসৰি প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰ উপ-সংমণ্ডলৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত ৰূপৰ দ্বাৰ উদ্বোধন কৰিব । তাৰ পিছত তেওঁ আগৰতলাত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (National Forensic Science University in Agartala ) আধাৰশিলা স্থাপন কৰিব আৰু তাৰপাছতেই তেওঁ পশ্চিম জিলাৰ আগৰতলাৰ বিবেকানন্দ ময়দানত এক ৰাজহুৱা সমদল সম্বোধন কৰিব ।
গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰাপত্তা সন্দৰ্ভত বিশেষ ভূমিকা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে । এই সন্দৰ্ভত পশ্চিম জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকপিয়ামাধুৰী মজুমদাৰে জনাই যে ৰাজ্যখনৰ আৰক্ষী প্ৰশাসনে চহৰখনৰ লগতে সমগ্ৰ ৰাজ্যতে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা মোতায়েন কৰি আছে । আৰক্ষী কৰ্মীসকলক নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে অৱগত কৰিছে বুলিও মন্তব্য কৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।
যিকোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰাৰ কথাও উল্লেখ কৰে অধীক্ষক গৰাকীয়ে । তেওঁ লগতে উল্লেখ কৰে যে প্ৰশাসনে নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে সকলোকে সতৰ্ক কৰা হৈছে আৰু প্ৰয়োজন হ'লে আৰু অধিক নিৰাপত্তাবাহিনী মোতায়েন কৰা হ'ব ।
লগতে পঢ়ক: অমিত শ্বাহৰ ভ্ৰমণক লৈ উৎসাহী ত্ৰিপুৰা বিজেপি