নেশ্যনেল ডেস্ক, 28 জুন : ৰাজস্থানৰ উদয়পুৰত মঙলবাৰে দিন-দুপৰতে হত্যা কৰা হ’ল এজন যুৱকক (Youth Murdered in Udaipur City) ৷ উক্ত ঘটনাটোৰ পিছত সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতি ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান চৰকাৰে ৰাজ্যজুৰি 24 ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ কৰি দিয়ে (Section 144 imposed in Rajasthan) । আনকি সমগ্ৰ জিলাখনতে 30 দিনৰ বাবে 144 ধাৰা আৰোপ কৰিবলৈ প্ৰশাসনক নিৰ্দেশক প্ৰদান কৰে ৰাজস্থান চৰকাৰে ৷
মুখ্য সচিব ঊষা শৰ্মাই জাৰি কৰা এক নিৰ্দেশ অনুসৰি, সমগ্ৰ ৰাজ্যতে 24 ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ থাকিব । লগতে পৰৱৰ্তী 30 দিনৰ বাবে সমগ্ৰ ৰাজ্যজুৰি জাৰি কৰা হৈছে 144 ধাৰা ৷ আনকি পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে আৰক্ষী বিষয়াসকলৰ ছুটী বাতিল কৰিবলৈয়ো নিৰ্দেশ প্ৰদান কৰা হৈছে ।
![Murder in Udaipur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/rj-jpr-05-udaipur-pkj-9024297_28062022204635_2806f_1656429395_449.jpg)
লগতে যিকোনো ধৰণৰ আপত্তিজনক ভিডিঅ' সম্প্ৰচাৰ কৰিলে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উক্ত নিৰ্দেশনাটোত উল্লেখ কৰে মুখ্য সচিব ঊষা শৰ্মাই । তথ্য অনুসৰি, উদয়পুৰৰ উক্ত ঘটনাৰ গোচৰত ইতিমধ্যে দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘোষণা কৰে যে, উদয়পুৰৰ ঘটনাৰ তদন্ত বিষয়া আঁচনিৰ অধীনত কৰা হ'ব ।
![ৰাজস্থানত আগন্তুক 24 ঘন্টাৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15683931_rrr.jpg)
উল্লেখ্য যে, মালদাস ষ্ট্ৰীট চহৰৰ মাজ-মজিয়াত সংঘটিত হত্যাকাণ্ডৰ সন্দৰ্ভত বিজেপিৰ পূৰ্বৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ সপক্ষে ফেচবুকত এটা পোষ্ট আপলোড কৰিছিল ৷ হত্যাৰ পাচতে সেই স্থানত যথেষ্ট সংখ্যক ব্যৱসায়ী উপস্থিত হয় আৰু তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয় (Anger Among Udaipur Businessmen) ৷
বৰ্তমান অঞ্চলটোত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলীত থকা লোকসকলক সৈমান কৰিবলৈ চেষ্টা কৰি আছে ৷ কিন্তু ক্ষুব্ধ লোকসকলে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰন্তৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।
যাৰ বাবে ৰাজস্থান চৰকাৰে ৰাজ্যজুৰি 24 ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে সমগ্ৰ জিলাখনতে 30 দিনৰ বাবে 144 ধাৰা আৰোপ কৰিবলৈ প্ৰশাসনক নিৰ্দেশক প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক : কাপোৰ চিলোৱাবলৈ আহি দৰ্জীক ডিঙি ৰেপি হত্যা